অমাবস্যাৰ আকাশত পূৰ্ণিমাৰ জোন
মুন শৰ্মা, লখিমপুৰ
:হাই….. মই মধুস্মিতা চলিহা।
:হেল্ল…… হয় চিনি পাইছোঁ কোৱা।
:ভাল নে আপোনাৰ!
:হয় ভাল, তোমাৰ ভাল নে !
:হয় ভাল, আজি আপুনি কৰা সহায় বাবে কাকতত মোৰ লেখা এটা প্ৰকাশ হৈছে, বহুত বহুত ধন্যবাদ।
:অ’ হয় নেকি! খুব ভাল কথা, ভাল লাগিল তোমাৰ লেখা প্ৰকাশ হৈছে বুলি জানি। লিখি থাকিবা, এনেকৈ সদায়।
নিৰঞ্জন দত্ত আৰু মধুস্মিতা চলিহাৰ মাজৰ চিনাকি এদিন এনেকৈয়ে হৈছিল। দুই জনে আছিল কবিতাৰ পাগল, সাহিত্য প্ৰতি ৰাপ থকা ব্যক্তি, ফলত বন্ধুত্ব মধুৰ হ’বলৈ বেছি দিন লগা নাছিল, লাহে লাহে আত্মীয়তা বাঢ়িছিল। সম্পৰ্ক হৈ পৰিছিল আন্তৰিকতাৰ উচ্চ শিখৰত উপনীত। গমেই পোৱা নাছিল সিহঁত কিমান আগুৱাই গ’ল লাহেকৈ অগা পিছা কৈ দুই জনে অনুভৱ কৰিছিল ইটোৱে সিটোৰ প্ৰতি ভালপোৱা। সৃষ্টি হৈছিল সিহঁতৰ সম্পৰ্কত এটি নতুন নামা কাৰণ নাম আছিল প্ৰেম, দাদা ভন্টি আঁতৰি গল প্ৰেমিক প্ৰেমিকা ৰূপত প্ৰতিষ্ঠা হ’ল, কেইবা বাৰু লগ হল ফলত অন্তাৰিকতা আৰু বেছি হৈ গৈ থাকিল, তেনে এটা সময়তে এদিন বিবাহৰ পৱিত্ৰ বান্ধোন সোমাই পৰিল , আৰম্ভ হ’ল নতুন জীৱন।
সকলো ঠিকেই আছিল, এদিন হঠাৎ মধু অসুস্থ হৈ উঠিল। এদিন দুদিন কৈ বহু দিন, সম্পূৰ্ণ এটা বছৰ, আৰোগ্য নাম লোৱা নাই কেঞ্চাৰ ৰোগত আক্ৰান্ত তাই, ডাক্তৰে কৈছে বেছি দিন তাই জীয়াই নাথাকে, সৰগ খহি পৰিল নিৰঞ্জন মূৰত। ভবাই নাছিল, সময়ে তাক এনেকৈ ঠগিব বুলি। ভাবিছিল সি তাইক ভাল কৰি তুলিব , তাইৰ কথা আগেই জনাৰ পাছতো তাইক বিয়াৰ প্ৰস্তাব দিছিল অগ্ৰাহ্য কৰিছিল মধুৱে কাৰণ তাইৰ কাৰণে নিৰঞ্জনৰ জীৱনত বিষাদ ঢল বোৱাব বিচৰা নাছিল, কিন্তু নিৰঞ্জনে এৰি দিয়া নাছিল সি বিচৰা নাছিল তাইক এৰি আনক নিজৰ কৰিব। কাৰণ তেতিয়া অনিতাৰ কেঞ্চাৰ প্ৰথম ষ্টেপতে আছিল বিশ্বাস আছিল ভাল হব, বিশ্বাস আছিল, ফলত অজস্ৰ চেষ্টা কৰিলে সি কিন্তু সময় বেয়া আছিল খুব কম সময়তে শেষ ষ্টেপলৈ গুচি গল তাইৰ বেমাৰ । শেষত নিঠৰুৱা কৰি তাই তাৰ কাষৰ পৰা আঁতৰি গল, উভতি নহা বাটেৰে । থৈ গল তাৰ সন্মুখত এটি স্মৃতি যাৰ ৰূপে এখন ডায়েৰী যি খন ৰ কথা কোনো দিন জনা নাছিল নিৰঞ্জন দত্তই মধুৱে তাইৰ জীৱন শেষ ক্ষণত তুলি দিছিল চকুলো টুকি টুকি তাৰ হাতত। য’ত লিখা আছিল জীৱন কালত নিৰঞ্জনলৈ বুলি এমুঠি অসহায় কথা যিবোৰ তাৰ মৰমৰ পত্নী হিচাপে তাক সি দিয়া মৰমৰ প্রতিদান হিচাপে উপহাৰ দিবলৈ ইচ্ছা আছিল কিন্তু তাইৰ ৰুগীয়া চমু জীৱনে তাক দিব নোৱাৰিলে তাই জীৱন বাটত সেই উপহাৰ বোৰ, আৰু শেষ পৃষ্ঠা লিখা আছে এটি এমুঠি ক্ষমাৰে বুকুত নিৰঞ্জনক কৈছে ক্ষমা কৰিবা,মোৰ অমাবস্যাৰ জীৱনৰ আন্ধাৰে আৱৰা আকাশত জিলিকি থকা পূৰ্ণিমাৰ জোন তুমি। মোক লৈ বহুত সপোন দেখিছিলা কিন্তু তোমাৰ দুৰ্ভাগ্য মোৰ প্ৰিয় দিঠক নোৱাৰিলে একো সপোন, কাৰণ মই যে তোমাৰ বাবে দুৰ্ভাগ্য এটি নাম।
কথা খিনি কোৱাৰ লগে লগে হাত চাপৰি বাজি উঠিল, তাৰ পাছত লাহে লাহে সকলোৰে চকুত চকুপানী, অলপ সময় নিশব্দ হৈ ৰোৱা সভা গৃহৰ নীৰৱতা ভাঙিলে মাত্ৰ ঘোষক জনে তেওঁ যেতিয়া কলে এতিয়া আমাৰ মৰমৰ প্ৰখ্যাত লেখক, মিষ্টাৰ নিৰঞ্জন দত্তই তেওঁৰ সদ্য প্ৰয়াত পত্নী তথা লেখিকা মধুস্মিতা চলিহা দত্ত ৰ স্মৃতিত তেখেতৰ লেখাৰে প্ৰকাশ কৰি উলিওৱা আৰু আজি উন্মোচন হোৱা “অমাৱস্যাৰ আকাশত পূৰ্ণিমাৰ জোন” শীৰ্ষক কিতাপ খনৰ বিষাদে আৱৰা এটি মনোৰম পৃষ্ঠা পঢ়ি শেষ কৰাৰ লগে লগেই আমাৰ আজিৰ সভা ভংগ ঘোষণা কৰিলোঁ।