অমানুহ
অমূল্য চেতিয়া
পেহেলগামত পৰি আছে
তেজৰ কেচেমা কেচেম গোন্ধত
নিঠৰ চকু মণি
অমানুহৰ নিষ্ঠুৰতাই
ছিন্ন ভিন্ন এখিনি জীৱ
ধ্বংসই ভগৱানক পাব নে
ধৰ্ম পুথিত আছে কি
হত্যাৰে শাসন কৰা কাৰচাজি!
উশাহৰ বাবে প্ৰয়োজনীয় তেজ
দানৱে নদীৰ দৰে বোৱাই
সেউজীয়া ভূমিত কৰাল বান্ধে…
জীৱ শ্ৰেষ্ঠক কটাক্ষ
এচাম ধৰ্মান্ধই অট্টহাস্য কৰে
সিহঁতে গজালি বুকুতো
বাৰুদৰ ধোঁৱা বিয়পাই…
উচুপি উঠা কলিজাবোৰ মানুহৰ
বাকীবোৰ…!