অমানিশা সাৰে থাকিলে এতিয়া কোনে সাৰে থাকিব
বুলমণি বৰি
জুবিন মানেই জনসমুদ্ৰ
সেয়ে ছাগে প্ৰশান্ত নীৰৱতা বিচাৰি তুমি
সাগৰৰ বক্ষত লীন গৈছা
হয়তো এতিয়া তুমি ভ্ৰমণ কৰিছা
সাগৰৰ বিশাল অভ্যন্তৰত
উদযাপন কৰিছা
সাগৰৰ বিলাস বৈভৱ
আৰু
সাগৰৰ অটল গহ্বৰৰ নিথৰ নীৰৱতাত জুৰাইছা
মন্দিৰৰ ঘণ্টাত ওলমি থকা
শিকলিৰ ভাগৰ
আমি জানো
সাগৰৰ মণি মুকুতাৰ সন্ধানত তুমি
সাগৰৰ প্ৰেমত মাতাল হোৱা নাই
যিহেতু দেখিছিলো তোমাক
অনুষ্ঠান কৰি পোৱা শকত ধনৰ টোপোলাৰ প্ৰতি
তোমাৰ কোনো আগ্ৰহ নাছিল
আগ্ৰহ আছিল
হৃদয়ত অংকুৰিত অনুভৱৰ বিশাল শব্দ মালাত
সুৰেৰে প্ৰাণ দি
কেনেকৈ মানুহক উপহাৰ দিব পাৰা জীৱনদায়িনী শক্তি
তুমি সাগৰ ভালপোৱা
আমাৰ সাগৰ চাবলৈ যাবলৈ সমৰ্থ নাই
সেয়ে আজি নৈৰ পাৰলৈকে আহিলো
তোমাৰ ভালপোৱাৰ অনুমান বিচাৰি
আৰু কি দেখিলোঁ জানা
পানীৰ শেতেলীত উঠা ঢৌবোৰৰ লহৰ
সেই ঢৌৰ ভাঁজৰ লহৰে লহৰে তুমি যেন বাগৰ সলাইছা
ঢৌ আৰু বুৰবুৰণিৰ সতে নিৰ্বিবোধে খেলি খেলি গৈ আছা দূৰ দিগন্তলৈ
তুমি বাৰু এতিয়া
সাগৰ তলিত এটা নতুন দ্বীপৰ সৃষ্টিত
মগ্ন হৈছা নিকি
য’ত নাথাকিব ভোগবাদী পৃথিৱী, স্বাৰ্থপৰতাৰ ছবি
থাকিব মাথোঁ উপভোগ কৰিব পৰা সেউজ উপত্যকা
সাগৰক ভালপোৱাৰ আগততো তুমি
নদীৰ প্ৰেমত পৰিছিলা
হয়তো বুজিব খুজিছিলা
নদীয়ে গভীৰতকৈ গভীৰ দৃষ্টিৰে
কেনেকৈ নিচুকায় থয়
নিজানত সাৰে থকা যন্ত্ৰণাকাতৰ ৰাতি
সোঁৱৰণীৰ ভাৰ বৈ পাৰঘাটত খুন্দিয়াই খুন্দিয়াই
কেনেকৈ এৰি যায় শাশ্বত স্মৃতি
তুমি ভাল পাইছিলা নদীৰ শিল
কাৰণ স্পৰ্শত যে শিল নাভাঙে
আৰু শিল যে স্পৰ্শকাতৰ নহয়
বুকুত ভৰ দি থকা শিলবোৰ যে
এন্ধাৰৰ দুবাহুত এৰি দিব পাৰি
সেয়ে ছাগে তুমি ভাল পাইছিলা এন্ধাৰকো
এন্ধাৰত যে বহুত কিবা লুকুৱাই থব পাৰি
পোহৰবোৰ যে দুমুখীয়া
তুমি ভালকৈয়ে জানা
তুমি ভাল পাইছিলা বতাহো
কাৰণ বতাহে যে আইনা ভাঙে
আৰু ভঙা আইনাৰ কাঁচৰ টুকুৰাবোৰৰ ঝনঝননিক
সুৰলৈ ৰূপান্তৰিত কৰি
তুমি চিঞৰি উঠা
আইনা ভঙদি হিয়াখন ভাঙি আঁতৰি নাযাবা
তোমাৰ সেই সুৰীয়া মাতত
বতাহৰ ঢলত ভঙা আইনাৰ টুকুৰাবোৰে
জীৱনৰ পৰাজয়তো উদযাপন কৰে বিজয়ৰ উৎসৱ
এন্ধাৰে গিলিব খোজা জীৱনৰ মানচিত্ৰবোৰত
জোনাকৰ শলিতা জ্বলাবলৈকে তুমি নিদ্ৰাবিহীনভাৱে
এন্ধাৰৰ প্ৰেমত মচগুল হৈ থাকা
কোনেও নেদেখা সপোন এটাৰ ভৰত
কোনেও নোকোৱা কথা এটা
তুমি নিৰ্বিবাদে কৈ দিব পাৰা
ভূগোলৰ মানচিত্ৰৰ দৰে পথাৰত
ছিঁৰালফাট মেলিলে
তোমাৰ দুখ লাগে
সেয়ে তোমাৰ সাৰে থাকিবলৈ ইমান উৎসাহ
তোমাৰ বাবে কোনো ৰজা নাছিল
তুমি আছিলা একছত্ৰী সম্ৰাট
কাৰণ বোবা মানুহৰহে ৰজা থাকে
তুমি বৰষুণ ভাল পাইছিলা
শ্যামলী পৃথিৱীক জীপাল কৰাৰ স্বাৰ্থত
বৰষুণৰ শব্দত ভয়াতুৰ মানুহৰ দৰে সাধু শুনিবলৈ নহয়
কাৰণ সকলোৰে মাতক তুলি ধৰিব পৰাকৈ তুমি
স্পষ্টবাদী আৰু নিৰ্ভিক
তুমি জন্ম নিদিয়া সুৰ এটা কোনেও জন্ম দিব নোৱাৰে
তুমি গোৱা গান এটা
কোনেও গাব নোৱাৰে তোমাৰ দৰে
তোমাক লৈ বহুত অংক হ’ল
সেই অংকৰ সমাধান উলিয়াবলৈ তুমি যত্নপৰ নহয়
অংক ভাল নোপোৱা বাবেইতো পৰীক্ষা হলৰ পৰা উলাই বাদ দিছিলা জীৱনৰ অংক
সেয়ে ছাগে অংকবোৰ বুজিও নুবুজাৰ দৰে আছিল তোমাৰ আচৰণ
হেঁপাহ মজুত মস্তিষ্কই
প্ৰথমে চুহিলে তোমাৰ ঘাম
দ্বিতীয়তে শুহিলে তেজ তাৰ পাছত জীৱন
তুমি বুজিছিলা
মৃত্যুৰ বাদে এই পৃথিৱী সকলো মিছা
সেয়ে সেইজীয়া পাত চোবোৱাৰ হাবিয়াস নাছিল তোমাৰ
তুমি শুনিছিলা
মাজৰাতি উলূক এটাই
নিও নিও কৈ মতা
আৰু অনুভৱ কৰিছিলা
খালি হাত এখনেৰে
বিষন্নতাৰ ছাঁ পেলাই মানুহবোৰ
কেনেকৈ গুছি যায় জীৱনৰ সিপাৰলৈ।
এন্ধাৰৰ কাব্য পঢ়ি পঢ়ি
এতিয়া তুমি যেন ক্লান্ত
যেতিয়া শুনিছিলো
আকাশক গাত লৈ
সৰু সৰু মানুহৰ ঈশ্বৰ শুই পৰিছে
সাগৰ তলিৰ প্ৰশান্ত নীৰৱতাত
প্ৰথমে ভাৱিছিলোঁ এইয়া বাস্তৱ নহয় ভ্ৰম
পৰম সত্য এটা উপলব্ধি কৰি
যেতিয়া কঁপি উঠিলো তেতিয়া
নিজৰ বুকুৰ ধপধপনি দেখোন নিজেই শুনিলোঁ
এতিয়া তোমাৰ অবিহনে কোনে বুজিব
ৰেচন চাউল কিনি কান্ধত কঢ়িওৱা দুখ
অমানিশা সাৰে থাকিলে
কাল মূৰ্তি ধৰা তমসাক নাশিবলৈ
কোনে সাৰে থাকিব
যুগান্তকাৰী শোকাতুৰ ভাষাৰেও যে তোমাক
ঘনঘূমটিৰ পৰা জগাব নোৱাৰে
যাবৰ পৰত কবলৈ একো নাই তোমাক
এতিয়া জনসমূদ্ৰৰ প্ৰবাল সোঁতত
শোকাৰ্ত হৃদয়ৰ বিদায়ৰ নিৰূপায় পদধ্বনি
জনসমূদ্ৰৰ মাজতো যেন আজি
চৌপাশ উকা
তোমাৰ উপস্থিতিত বলীয়ান আছিল মানুহ
আৰু তোমাৰ দূৰত্বৰ উপলব্ধিত আজি বাকৰুদ্ধ
সঁচাকৈয়ে
তোমাৰ শ’ৰ সৎকাৰত
আয়ুস নবঢ়াকৈ বাঢ়িছে শোক
তোমাৰ সৃষ্টি তাৰকা গৃহ হৈ থাকিব
তোমাৰ গানেই হব জাতিৰ বায়ুমণ্ডল
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জ্যোতিষ্মান কৰি ৰাখিব তোমাৰ সত্তাই
তুমি আমাক এৰি থৈ গৈছা
কিন্তু অন্তহীন কথাৰ পাতনি মেলি থৈ গৈছা
তুমি এন্ধাৰ ভাল পালেও
আকস্মিক ভাৱে তুমি আমাক এৰি যোৱাৰ ৰহস্য এন্ধাৰ হব নোৱাৰে
তুমিতো ধুমুহাও ভাল পোৱা
তুমি ভাল পোৱাকৈ এজাক ধুমুহা বলিব
সেই ধুমুহাত বিধ্বস্ত হব
এন্ধাৰত চৰা বাদুলীৰ ডেউকা।