অমানিশাৰ ৰাতি – এছ ইছলাম

PC - Depositphotos
অমানিশাৰ ৰাতি
এছ ইছলাম, শিক্ষক,বৰপেটা
অমানিশাৰ গভীৰ ৰাতি
ক’তো জ্বলা নাই চাকি
চিপ্ চিপিয়া বৰষুণত
শাঁত পৰিল মোৰ গাত।
উতলা যৌৱনৰ আমনিত
টোপনি নাই মোৰ দুচকুত
এমুঠি শীতল বতাহৰ প্ৰভাৱত
শিহঁৰণ জাগিল মোৰ হৃদয় কোঠাত।
নীৰৱ নিস্তব্ধ কোঠালিত
এচমকা পোহৰ সোমাই অহাত
ক্ষন্তেক অৱৰোধ নকৰাত
আত্মহাৰা মহা আনন্দত।
যেন নদীৰ দুয়োকুলত
অনুৰ্বৰ বালিচৰ বোৰত
জীপাল হৈ উঠিল কঁহুৱা বন
টুনি বুলবুলিৰ উৎফুল্লিত মন।