অমল প্ৰেম
এম এন দত্ত
প্ৰাতঃ ভ্ৰমনত থকা লোকে লক্ষ্য কৰিলে এটা ডাষ্টবিনৰ কিনাৰত এটা নৱজাত মানৱ শিশুক পহাৰা দি তিনিজনী কুকুৰ বহি আছে। শিশুৰ কান্দোনত প্ৰাতঃ ভ্ৰমনকাৰী ভিৰ লাগিল । সময়ত পুলিচ আহিল শিশুটোক উঠাই হাস্পতাল লৈ গ’ল । আটাইতকৈ আচৰিত কথা সেই কুকুৰ কেইজনী পুলিচৰ গাড়ীৰ পিছে পিছে দৌৰি গৈ হাস্পতাল পাইছিল গৈ এয়াই হয়তো অমল মাতৃৰ প্ৰেম।