অভ্যাস বনাম আসক্তি
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
আসক্তি বৰ অদ্ভুত শব্দ ন! এজন ব্যক্তিক তিল তিলকৈ জীয়াই জীয়াই মৃত্যু বাটলৈ নমাই আনে।
ৰ’ৱ ৰ’ৱ মই অকল নিচা আসক্তিৰ কথাই কোৱা নাই। এই যে অচিনাকী এজন ব্যক্তি আমাৰ জীৱনত আহি আপোন হৈ অভ্যাস হৈ পৰে। প্ৰতি ক্ষনত তেওঁৰ কথা মনলৈ আহি থাকে। খবৰ ৰাখি থকা হৈ প্ৰতিটো পলৰ। এৰা ইও এক প্ৰকাৰৰ আসক্তি হৈ পৰে, অভ্যাসৰ আসক্তি। যেতিয়া সলনি হৈ যায় সেই অভ্যাস ৰূপে গঢ় দিয়া ব্যক্তিজন তেতিয়াই কষ্ট হৈ পৰে। অভ্যাস সলনি কৰাত হয়তো ইমান কঠিন নহয় যিমান আসক্তিৰ পৰা মুক্তি পোৱাটো কঠিন।
কোনো ব্যক্তি বা বস্তু অভ্যাস নাইবা আসক্তি হিচাপে জীৱনত সামৰি নল’ব। ই মাৰাত্মক ক্ষতি কৰে আমাৰ জীৱনত, না আগুৱাই যাব পাৰি না ৰৈ দিব পাৰি। আসক্তি ৰূপে যদি জীৱনত কাৰোবাক বিচাৰিছে তেনে আপুনি গান বা কিতাপ আঁকোৱালি লওক। মানুহক আসক্তি বা অভ্যাস কৰি মুঠেও নল’ব।