অভেল টেষ্টত ইংলেণ্ডক ৬ ৰাণত পৰাস্ত কৰে ভাৰতে
ৰঙিলী বাৰ্ত্তাসেৱা- ক্রিকেটত অসম্ভৱ বুলি কোনো কথা নাই। আছে মাথোঁ ধৈর্য, সাহস, একাগ্রতা আৰু যুঁজাৰু মনো বৃত্তি। ইয়াৰেই প্রতিফলন ঘটিল আজি লণ্ডনৰ কেনিংটন অভেলত। অদমনীয় যুঁজাৰু মনোবৃত্তিৰেই আজি অভেলত ধুমুহা তুলি ভাৰতীয় দলক আকাংক্ষিত জয়ৰ সোৱাদ দিলে মহম্মদ চিৰাজে। এই জয় ভাৰতীয় দলৰ বাবে একপ্ৰকাৰে অসম্ভৱ বুলিয়েই ধাৰণা কৰিছিল সকলোৱে। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিলে চিৰাজে, তেওঁক যোগ্য সহযোগ কৰে প্ৰসিদ্ধ কৃষ্ণই। অভেল টেষ্টৰ অন্তিম দিনা ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন হৈছিল মাত্র ৩৫ ৰানৰ। হাতত আছিল ৪টা উইকেট। এনে অৱস্থাত দলটোৰ জয় প্রায় নিশ্চিত বুলি ভবা হৈছিল যদিও মহম্মদ চিৰাজৰ ক্ষুৰধাৰ বলিঙৰ সুবাদত ভাৰতীয় দলে ৬ ৰানত অবিশ্বাস্য জয়লাভ কৰে। অন্তিম দিনটোৰ আৰম্ভণি অৱশ্যে সফলেই আছিল ইংলেণ্ডৰ বাবে। দিনটোৰ প্ৰথম দুটা বলতে আহিছিল দুটাকৈ বাউণ্ডেৰী। প্রসিদ্ধ কৃষ্ণৰ এই অভাৰ অন্ত পৰাৰ পিছতে সম্পূৰ্ণ সলনি হৈ পৰে মেচৰ স্থিতি। ইংৰাজ বাহিনীৰ বাবে ত্ৰাস হৈ পৰে মহম্মদ চিৰাজ। অন্তিম দিনৰ নিজৰ প্ৰথমটো অভাৰতে চিৰাজে ভাৰতক দিয়ে প্রত্যাশিত সফলতা। এই অভাৰটোৰ তৃতীয়টো বলত চিৰাজে বেটাৰ জেমি স্মিথৰ উইকেট লয়। ইয়াৰ পিছতে জয়ৰ সম্ভাৱনা অধিক দৃঢ় হৈ পৰে ভাৰতীয় দলৰ। নিজৰ দ্বিতীয়টো অভাৰৰ অন্তিমটো বলত চিৰাজে দখল কৰে অভাৰটনৰ উইকেট। চিৰাজে প্রথম দুটা সফলতা দিয়াৰ পিছত ভাৰতক তৃতীয়টো সফলতা প্রদান কৰে প্ৰসিদ্ধ কৃষ্ণই। জ’ছ টঙৰ উইকেট দখলেৰে প্রসিদ্ধই অধিক আকর্ষণীয় কৰি তোলে মেচৰ স্থিতি। অৱশ্যে ইয়াৰ পিছত হাতত আঘাত লৈ ক্ৰিজত প্ৰৱেশ কৰি ক্ৰিছ ৱ’কছে সকলোৰে হৃদয় জয় কৰে। মাত্র এখন হাতেৰে বেট ধৰি ৱ’কছে পূর্ণ চেষ্টা চলায় দলৰ জয়ৰ। আনটো দিশত ইংলেণ্ডৰ আশা সজীৱ কৰি যুঁজ অব্যাহত ৰাখে গাছ এটকিনছনে। অৱশেষত ইংলেণ্ডৰ এই আশা ভংগ কৰি ভাৰতলৈ আকাংক্ষিত বিজয় কঢ়িয়াই আনে চিৰাজে। ইয়াৰ লগে লগে ১-২ ব্যৱধানত পিছ পৰি থকা ভাৰতীয় দলে শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে অভেলত ভাৰতৰ প্ৰথম ইনিংছৰ ২২৪ ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ২৪৭ ৰান কৰিছিল। ভাৰতে দ্বিতীয় ইনিংছত ৩৯৬ ৰান সংগ্ৰহ কৰি ইংলেণ্ডৰ সন্মুখত ৩৭৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে। অৱশেষত মহম্মদ চিৰাজৰ নেতৃত্বত ভাৰতীয় বলিং আক্রমণে ইংলেণ্ডক ৩৬৭ ৰানত বান্ধি ৰাখি দলক ৬ ৰানত জয় প্রদান কৰে। দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰা চিৰাজে প্রথম ইনিংছতো ৪টা উইকেট লৈ মুঠ ৯টা উইকেটেৰে মেচৰ শ্রেষ্ঠ বিবেচিত হয়। আনহাতে পাঁচখনীয়া মেচৰ এই শৃংখলাটোত চাৰিটা শতকসহ ৭৫৪ ৰান কৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিল আৰু ৪৮১ ৰান কৰা ইংলেণ্ডৰ হেৰী ব্রুক উভয়ে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।