অভিশপ্ত ৩০ অক্টোবৰ – নাছিৰ আহমেদ

Pc The Wire

অভিশপ্ত ৩০ অক্টোবৰ

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

অভিশপ্ত ৩০ অক্টোবৰ দিনটি অসমৰ ইতিহাসৰ বুকুত  ক’লা দিৱস হিচাপে চিৰদিনৰ বাবে লিপিবদ্ধ হৈ থাকিব।

কাৰণ, ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ গণেশগুৰি,পাণ বজাৰ,ফাঁচী বজাৰ,কাছাৰীকে ধৰি কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হোৱা বোমা বিস্ফোৰণৰ বাৰুদ আৰু ধোঁৱাৰ গোন্ধত অসমৰ আকাশ-বতাহ অন্ধকাৰত ডুব গৈছিল । আৰম্ভ হৈছিল মানুহৰ মৰণ কাতৰ যন্ত্ৰণা আৰু চিঞৰ-বাখৰ । চাৰিওফালে সিঁচৰতি হৈ পৰি আছিল শতাধিক লোকৰ মৃত-দেহ আৰু মৃত্যুৰ সৈতে যুঁজি থকা আহত লোকৰ ৰক্তাক্ত দেহ। বৈ গৈছিল এসাগৰ তেজৰ সোঁত।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩০ অক্টোবৰৰ পুৱাত ধাৰাবাহিক বোমা বিস্ফোৰণত কোন জড়িত,ইয়াক লৈ চৰকাৰী বা বেচৰকাৰী পক্ষত আৰম্ভ হৈছিল নানা জল্পনা -কল্পনা। বাতৰি কাকতসমূহ বিশেষকৈ টি ভি চেনেলবোৰে এই ঘটনাৰ আঁৰত থকা অশুভ শক্তিৰ অধিকাৰী ৰক্তবীজৰ সুংশুত্ৰ বিচাৰি গোটেই অসমতে এক ৰুদ্ধশ্বাস পৰিৱেশৰ সৃষ্টি কৰিছিল। কোনো কোনোৱে সাম্প্ৰদায়িক ৰহন সানি সন্ত্ৰাসবাদীৰ এই কুটাঘাতমূলক কাৰ্যৰ লগত ইছলামিক জেহাদী সংগঠনসমূহ জড়িত বুলি প্ৰচাৰ চলাই এক বিভেদকামী শক্তিক উত্তেজিত কৰাত আগভাগ লৈছিল ; এই ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰচাৰ বিভাগোও অগ্ৰগামী ভূমিকা পালন কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে কোনো অজ্ঞাত ইছলামিক ছিকিউৰিটি ফোৰ্চ-ইণ্ডিয়ান মুজাহিদীনে স্থানীয় দূৰদৰ্শন কেন্দ্ৰলৈ পঠিওৱা বাৰ্তা এটা উৰাবাতৰিৰ ওপৰত ভিত্তি কৰি ইছলামিক জেহাদী হোজী বুলি কেইবাজনো নিৰীহ মুছলমানক পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি তল্লাসীৰ নামত জোৰ জুলুম কৰিছিল। অসম চৰকাৰৰ এক বিজ্ঞপ্তী মতে এই ধাৰাবাহিক বোমা বিস্ফোৰণত আলফাও জড়িত বুলি সন্দেহ কৰিছিল। অৱশেষত জোলোঙাৰ মেকুৰী ওলাল। “চি বি আই” ৰ তদন্তত মূল অভিযুক্ত “এন ডি এফ বি” ৰ ( National Democratic front of Bodoland) ৰঞ্জন দৈমাৰীৰ নেতৃত্বত এনে জঘন্য ঘটনা সংঘটিত হৈছিল বুলি প্ৰমাণিত হ’ল। এন ডি এফ বি ৰ মুখ্য সেনাধ্যক্ষ ৰঞ্জন দৈমাৰীৰ ২০০৮ চনৰ এক নিৰ্দেশ মৰ্মে এই জঘন্যতম আক্ৰমণৰ ছয় সপ্তাহ আগতেই দুই বা তিনিখন মাৰুতী ৮০০ গাড়ী ব্যৱহাৰ কৰি এন ডি এফ বি ৰ সদস্যসকলে বোমাসমূহ সৰবৰাহ কৰিছিল বুলি অসম আৰক্ষীৰ অনুসন্ধানকাৰী বিষয়াই নিৰ্ধাৰণ কৰে। আৰু অসমৰ গুৱাহাটী আৰু পশ্চিম অসমৰ বিভিন্ন প্ৰান্তত ১৮ বাৰ বোমা বিস্ফোৰণ কৰা একাধিক অস্ত্ৰ যেনে ,RDX, TNT and PETN প্ৰয়োগ কৰাৰ ফলত থিতাতে ৮১ জন লোক মৃত্যুমুখত পৰিছিল আৰু ৪৭১ জন লোক আহত হৈ মৃত্যুৰে যুঁজি আছিল।

এন ডি এফ বি বা National Democratic front of Bodoland হ’ল , ৰঞ্জন দৈমাৰীৰ নেতৃত্বত গঢ়ি উঠা এটি সশস্ত্ৰ বিচ্ছিন্নতাবাদী গোট ; যিয়ে বড়োসকলৰ  বাবে পূৰ্ণ স্বাধীনতা বা সাৰ্বভৌম বড়োলেণ্ড দাবী কৰে।

১৯৮৬ চনত গঠিত হোৱা বড়ো ছিকিউৰিটি ফোৰ্চ নামৰ সংগঠনটি ১৯৯৪ চনত ভাৰত চৰকাৰ আৰু আবছু – বিপিএছিৰ মাজত হোৱা বড়ো চুক্তিৰ বিৰুদ্ধাচৰণ কৰি এন ডি এফ বি সংগঠনৰ জন্ম হয়। এই সংগঠনটি অসমত অনা-বড়ো আৰু সৈন্য-আৰক্ষীক লক্ষ্য কৰি কেইবাটাও আক্ৰমণ সংঘটিত কৰিছিল। বিশেষকৈ ১৯৯৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা বড়ো – আদিবাসী সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত এই সন্ত্ৰাসবাদী দলটোৱে আদিবাসীৰ ওপৰত নিৰ্মম ভাৱে আক্ৰমণ চলাইছিল। অৱশেষত সাৰ্বভৌম বড়োলেণ্ড দাবী কাৰ্যকৰী কৰাৰ স্বাৰ্থত ২০০৮ চনৰ ৩০ অক্টোবৰৰ ৰাতিপুৱা আৰু দুপৰীয়াৰ ভাগত পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ চলি থকাৰ সময়তে এই ৰক্তপিপাসু দলটোৱে অসমত বোমা বিস্ফোৰণ ঘটাই নিৰীহৰ তেজেৰে স্নান কৰিছিল।

অৱশেষত, ২০১৯ চনৰ ২৮ জানুৱাৰীত চিবিআই আদালতে গোচৰটিৰ শুনানি গ্ৰহণ কৰি বিভিন্ন ধাৰাৰ অধীনত ৰঞ্জন দৈমাৰীৰ উপৰিও আন ৯ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে আৰু আন ৪ গৰাকীক ৫ বছৰ কাৰাদণ্ডৰ লগতে ৩ হাজাৰ টকাকৈ জৰিমনা বিহে।

ইয়াৰ পিছতে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল। দুৰ্ভাগ্যক্ৰমে অসম চৰকাৰে ৰঞ্জন দৈমাৰীৰ জামিন আবেদনৰ বিৰোধিতা নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক চাৰি সপ্তাহৰ বাবে অন্তৰ্ৱতীকালীন জামিন আবেদন মঞ্জুৰ কৰিছিল। ৰঞ্জন দৈমাৰীয়ে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তলত ওলাই অহাৰ সময়ত এচাম বড়োনেতাই গামোচাৰে সমৰ্ধনা কাৰ্য আছিল গৰিহণাৰ যোগ্য।

২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত হোৱাৰ পৰাই প্ৰতি বছৰে ৩০ অক্টোবৰত গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত হাজাৰ হাজাৰ মানুহে সমবেত হৈ এই শোকাৱহ ঘটনাত নিহত হোৱা শ্বহীদ সকলক ধূপ,শলিতা আৰু মমবাতি প্ৰজ্জলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি চকুলো টুকে।

এই ভয়াবহ এলানি ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ সোতৰ বছৰ পাৰ হোৱাৰ পিছতো নিহত আৰু আহত হোৱা শোক-সন্তপ্ত পৰিয়ালবৰ্গই ন্যায় বিচাৰি হাহাকাৰ কৰি আছে ; তথাপি তেওঁলোকে অসম তথা ভাৰত চৰকাৰৰ পৰা ন্যূনতম ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়াও উক্ত বোমা বিস্ফোৰণত বহুত মানুহে পঙ্গুত্বৰ দুৰ্বিসহ যন্ত্ৰণা ভোগ কৰি কালাতিপাত কৰি আছে। কেৱল সেয়ে নহয়, লাহে লাহে অভিশপ্ত ৩০ অক্টোবৰৰ ক’লা দিৱসটিও যেন পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ উপক্ৰম হৈছে। যোৱা দুই বছৰে গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত শ্বহীদসকলক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱা দেখা নগ’ল ; নজ্বলিল এগছি চাকি! ৰজাঘৰীয়াকে আদি কৰি সকলো দল-সংগঠনে যেন পাহৰিলে এই অভিশপ্ত ক’লা দিৱসটি।

আহক আমি সকলোৱে এই অভিশপ্ত ক’লা দিৱসটি উদযাপন কৰি ভুক্তভোগীৰ ন্যায়ৰ বাবে এঘৰি যুঁজ দিওঁ। তেতিয়াহে ক্ৰন্দনশীলা অতৃপ্ত আত্মাই চিৰ শান্তি লাভ কৰিব।