অভিশপ্ত – দীপাংকৰ শইকীয়া

Pc Pexels

অণুগল্প

অভিশপ্ত

দীপাংকৰ শইকীয়া, ধেমাজি 

আজি ৰুবুলৰ একমাত্ৰ ভনীয়েক মনিষাৰ বিয়া। ঘৰখনত উৰুলিৰ মাংগলিক ধ্বনিৰে  উখল-মাখল পৰিবেশ।ৰুবুলৰ একমাত্ৰ ভনী জনীৰ বিদায় বেলাত তাৰ বুকুত দুখে আৱৰি ৰাখিছে ।  ঘৰখনত উখল-মাখল পৰিৱেশ। সকলো মানুহ অতিথি আপ্যায়ন অনুষ্ঠান অতিথি শুশ্ৰূষা কৰাত ব্যস্ত আছিল। হঠাৎ মনিষাৰ দেউতাকে এটা চিঞৰ মাৰি মাটিত ঢলি পৰিল । বিয়াৰ উদুলি-মুদুলি ঘৰখনত  শোকৰ ছাঁ পৰিল। এফালে দৰাঘৰীয়াই পূস্প ৰথত কন্যা ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছে আৰু আনফালে স্বৰ্গ ৰথত পিতৃৰ শ্মশান যাত্ৰা।