অভিলেখ হাৰত অসমত হ্রাস পাইছে নিবনুৱাৰ হাৰ

অভিলেখ হাৰত অসমত হ্রাস পাইছে নিবনুৱাৰ হাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত যুৱপ্ৰজন্মৰ মাজত হ্রাস পাইছে নিবনুৱাৰ হাৰ। নিবনুৱাৰ হাৰ হ্ৰাসৰ নিৰিখত অসমৰ স্থান সমগ্র দেশৰ ভিতৰতে শীৰ্ষত। যোৱা দুবছৰত অসমত হ্রাস পাইছে ১১.৮ শতাংশ নিবনুৱাৰ হাৰ। ২০২১ আৰু ২০২৩ চনৰ তুলনামূলক বিশ্লেষণেৰে ভাৰতীয় ষ্টেট বেংকৰ গৱেষণা শাখাই অলপতে এক প্রতিবেদনযোগে এই তথ্য প্রকাশ কৰিছে। অৱশ্যে প্রতিবেদনখনত অসমৰ বাবে এক উদ্বেগজনক বিষয়ো পোহৰলৈ আহিছে। সেয়া হৈছে লেবাৰ ফ’র্চ পাটিচিপেচন বেট (এল এফ পি আৰ) অর্থাৎ শ্রম শক্তি অংশগ্ৰহণৰ হাৰত অসমত পুৰুষতকৈ মহিলা অতিশয় পিছপৰি আছে। এক কথাত ক’বলৈ গ’লে কর্মক্ষেত্রত দেশৰ ভিতৰত আটাইতকৈ পিছপৰি আছে ৰাজ্যৰ মহিলাসকল। লক্ষণীয়ভাবে প্রতিবেদনখনত মহিলাসকলৰ বাবে এল এফ পি আৰক দুটা শিতানত ভাগ কৰি লোৱা হৈছে। এটা হৈছে ১৫-১৯ বছৰীয়া শিতান, য’ত মহিলাসকলৰ শ্রম শক্তিত যোগদান কিমান? আনটো হৈছে শ্রম শক্তিত পুৰুষৰ তুলনাত মহিলাৰ যোগদান। দুয়োটা শিতানত অসমত মহিলাসকল দেশৰ ভিতৰত আটাইতকৈ পিছপৰি আছে। ১৫-১৯,  বছৰীয়া শিতানত দেখা গৈছে শ্রম শক্তিত অসমত মহিলাসকলৰ যোগদান যোৱা দুবছৰত ৯.৫ শতাংশ হ্রাস পাইছে। আনহাতে ১৫-৫৯ বছৰীয়া শিতানত পুৰুষৰ তুলনাত শ্রম শক্তিত মহিলাসকলৰ যোগদান মাত্র ১৮ শতাংশ। অর্থাৎ ৰাজ্যৰ এশজন কর্মৰত লোকৰ ভিতৰত ৮২ শতাংশই হৈছে পুৰুষ আৰু ১৮ শতাংশ হৈছে মহিলা। ইয়াৰ বিপৰীতে উত্তৰ-পূর্বাঞ্চলৰ আন ৰাজ্যসমূহত শ্রম শক্তিত মহিলাৰ যোগদান পুৰুষতকৈ কম হ’লেও যথেষ্ট উন্নত। উদাহৰণ স্বৰূপে মেঘালয়ৰ শ্রম শক্তিত ৪৫ শতাংশ মহিলাৰ যোগদান আছে। তেনেদৰে ছিকিম আৰু নাগালেণ্ডত মহিলাৰ যোগদান হৈছে ৪৪ শতাংশ। অৰুণাচল প্রদেশ, মিজোৰাম আৰু ত্রিপুৰাৰ বাবে এই হাৰ হৈছে ক্রমে ৪২, ৩৯ আৰু ৩২ শতাংশ। উল্লেখ্য যে সামগ্রিকভাবে দেশৰ শ্রম শক্তিত মহিলাৰ যোগদান হৈছে ৩২ শতাংশ। দেশতকৈ পিছ পৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে অসমৰ পাছত। মণিপুৰত মহিলাৰ যোগদান হৈছে ৩১ শতাংশ। সি যিয়েই নহওক, যোৱা দুবছবত অসমত নিবনুৱাৰ হাৰ অভিলেখসংখ্যক হ্রাস পোৱাটো ৰাজ্যখনৰ বাবে নিঃসন্দেহে এক উৎসাহজনক বিষয়। অসমৰ পাছতে দ্বিতীয় স্থানত আছে দিল্লী। ইয়াৰ বিপৰীতে তালিকাৰ অন্তিম স্থানত থকা হাৰিয়ানা, গোৱা আৰু কৰ্ণাটকত যোৱা দুবছৰত নিবনুৱাৰ বিনুৱাৰ হাৰ বৃদ্ধি পাইছে ক্রমে ২.২, ১.৬ আৰু ০.৪ শতাংশ।