অভিলেখৰ পাছত অভিলেখ ৰচনা কৰি অসমীয়া ছবিজগতত আলোড়নৰ সৃষ্টি ‘ডক্তৰ বেজবৰুৱা ২’ৰ

অভিলেখৰ পাছত অভিলেখ ৰচনা কৰি অসমীয়া ছবিজগতত আলোড়নৰ সৃষ্টি ‘ডক্তৰ বেজবৰুৱা ২’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অভিলেখৰ পাছত অভিলেখ ৰচনা কৰি অসমীয়া ছবিজগতত আলোড়ন সৃষ্টি কৰা ‘ডক্তৰ বেজবৰুৱা ২’-এ প্রৱেশ কৰিলে ২ কোটিৰ ক্লাবত। দীর্ঘ বিৰতিৰ অন্তত এখন অসমীয়া ছবিক সৰ্বস্তৰৰ দৰ্শকে আদৰি লোৱাত আটাইকে ধন্যবাদ জনাইছে ছবিখনৰ নিৰ্মাতা গোষ্ঠী এ এম টেলিভিচনে। বৃহস্পতিবাৰে এক সংবাদমেলত ‘ডক্তৰ বেজবৰুৱা ২ৰ প্ৰযোজক ড০ সঞ্জীৱ নাৰায়ণে কয় যে ডক্তৰ বেজবৰুৱা ২’-এ অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে। কেৱল সিমানেই নহয় book my showৰ তালিকাত ১০ৰ ভিতৰত ৯.১ পইণ্ট লাভ কৰিছে ‘ডক্তৰ বেজবৰুৱা ২ই।যি সময়ত ‘পাঠান’ ছবিখন সৰ্বত্ৰ চৰ্চিত আছিল, সেই সময়ত ‘ডক্তৰ বেজবৰুৱা হ’ৰ book my showৰ ৰেটিঙে ‘পাঠান ক অতিক্ৰম কৰিলে। প্ৰতিদিনে অসমৰ ছবিঘৰত গড় হিচাপে ২০০টা দৰ্শনী প্ৰদৰ্শিত হৈছে আৰু প্ৰতিটো দর্শনীয়েই ‘হাউছফুল’। ১৫০০ দর্শনী সম্পূর্ণ ‘হাউছফুল’ অসমীয়া বোলছবিৰ আন এক অভিলেখ৷কেৱল অসমতেই নহয়, দিল্লী, বাংগালুৰু, চেন্নাইত ‘ডক্তৰ বেজবৰুৱা ২’ চাবলৈ ছবিঘৰত দৰ্শক উবুৰি খাই পৰিছে। ডুবাই, অষ্ট্ৰেলিয়া, কানাডা, ওমান আদি দেশৰ পৰা অসমীয়া দৰ্শকৰ অনুৰোধ আহিছে— যেনেতেনে সেই দেশবোৰত ছবিখন প্ৰদৰ্শন কৰিবৰ বাবে। দৰ্শকৰ এনে সঁহাৰিত আমি অভিভূত। সেয়ে অচিৰেই আমি ছবিখন ইংৰাজী Subtitle কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম। লগতে খুব সোনকালে হিন্দী ভাষাত ডাবিং হ’ব ‘ডক্তৰ বেজবৰুৱা ২’। Subtitle, Dubbingৰ উপৰি আমি ছবিখন ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ যোগেদি গাঁৱে-ভূঞে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। আমি নিশ্চিত গ্ৰামাঞ্চলৰ দৰ্শকে ‘ডক্তৰ বেজবৰুৱা ২’ উৎসাহেৰে আঁকোৱালি ল’ব। ছবিঘৰ আৰু ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ উপৰি ডক্তৰ বেজবৰুৱা ২’ প্ৰদৰ্শিত হ’ব PRAGPLAY নামৰ OTT প্লেটফৰ্মত। আমি এই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছো অচিৰেই বিদেশতো ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব৷সংবাদমেলখনত উপস্থিত থাকি প্রযোজক ডাঃ অক্ষতা নাৰায়ণে কয় যে অসমীয়া ছবিলৈ সোণালী যুগ ঘূৰি আহিছে। যোৱা দিনকেইটাত আপোনালোক সকলোৱে দেখিছে কিদৰে ছবিগৃহত দৰ্শকে ভিৰ কৰাই নহয়, চিনেমা হল কর্তৃপক্ষই হলৰ ভিতৰত অতিৰিক্তভাৱে প্লাষ্টিকৰ চকী, চোফা আদিৰ ব্যৱস্থা কৰি দিব লগা হৈছে। ইয়ে প্ৰমাণ কৰিছে দর্শকে এখন ভাল ছবি পালেই চাব। এতিয়াৰে পৰা আমাৰ দায়িত্ব আৰু বাঢ়িল। এই দায়িত্ব হ’ল অসমৰ দৰ্শকক একো একোখন ভাল ছবি উপহাৰ দিবই লাগিব। আমাৰ বিশ্বাস আমি পাৰিম। দক্ষিণৰ ছবিয়ে যিদৰে নিজৰ স্বকীয়তা বজাই ৰাখি ছবি নিৰ্মাণ কৰি সফল হৈছে, ঠিক একেদৰে আমিও অসমীয়া ছবিক এটা স্তৰলৈ নিয়াৰ প্ৰয়াস কৰিম।উল্লেখযোগ্য যে অসমৰ প্ৰতিটো ছবিগৃহতে আজিৰ দিনটোত হাউছফুল ‘ডক্তৰ বেজবৰুৱা ২’। বহু স্থানত দৰ্শকে টিকট নাপায় উভতি যাব লগা পৰিৱেশৰ সৃষ্টি হৈছে। আনহাতে ৰাজ্যৰ যিসমূহ স্থানত ছবিগৃহ নাই, সেই স্থানৰ দৰ্শকেও যাতে ‘ডক্তৰ বেজবৰুৱা ২’ চাব পাৰে তাৰ বাবে এ এম টেলিভিছনে পৰিবহণৰ ব্যৱস্থা কৰি দিছে।