অভিযোগ তুলি বিপদত ভিক্টৰ দাস,গোপন স্থানত আৰক্ষীৰ জেৰা

Pc The Janambhumi

অভিযোগ তুলি বিপদত ভিক্টৰ দাস,গোপন স্থানত আৰক্ষীৰ জেৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  চাকৰি নিযুক্তি পৰীক্ষাত কেলেংকাৰিৰ অভিযোগ তুলি এতিয়া বিপদত ভিক্টৰ দাস।নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তোলা ভিক্টৰ দাসক জেৰা।পাণবজাৰ থানাৰ পৰিৱৰ্তে আন ঠাইলৈ নি ভিক্টৰ দাসক জেৰা চলাইছে মহানগৰ আৰক্ষীয়ে।গোপন স্থানত আৰক্ষীৰ উচ্চ পদস্ত বিষয়াই ভিক্টৰ দাসক চলাব জেৰা।উল্লেখযোগ্যে যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে।ভিক্টৰ দাসে অভিযোগ কৰা অনুসৰি এই ধনৰ লেনদেনৰ সৈতে জড়িত হৈ আছে প্রাক্তন বিধায়ক।অভিযোগত উল্লেখ কৰা অনুসৰি নিযুক্তিৰ বিনিময়ত ৩ লাখৰ পৰা ৮ লাখ টকা পৰ্যন্ত ধনৰ লেনদেন হৈছে।চতুৰ্থ বৰ্গৰ পদ সমূহৰ বাবে ৩ লাখৰ পৰা আৰম্ভ হোৱাৰ লগতে তৃতীয় বৰ্গৰ পদ সমূহৰ বাবে ৮ লাখ টকা পৰ্যন্ত দাম উঠিছে।ইতিমধ্যে ভিক্টৰ দাসৰ টুইটাৰত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যিসকল লোক এনে কাৰ্যত জড়িত আছে তাৰ সবিশেষ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছিল।