অভিমানৰ শেষ প্ৰহৰ…. – নাচিমা য়াচমিন

Pc Shutterstock

অভিমানৰ শেষ প্ৰহৰ….

নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

:” excuse me  দাদা, শুনক চোন,,,”

পিঠি ফাল হৈ থিয় দি থকা যুৱক এজনক উদ্দ্যেশ্য কৰি প্রহেলিকাই ক’লে।  তাই এইখন চহৰত নতুনকৈ আলহী হৈ আহিছে। হয়তো এতিয়াৰ পৰা এইখনেই তাইৰ স্থায়ী ঠিকনা হ’ব নতুবা আগৰ দৰেই মাথোঁ কেইটামান দিনৰ আলহী। তাইৰ স্পষ্টবাদী, আত্মবিশ্বাসী, স্বভিমানি স্বভাৱটোৱেই বাৰে বাৰে কাল হৈ পৰে। সৎ পথত জীৱন নিৰ্বাহ কৰাটো আজিৰ দিনত বহুতৰে হজম নহয় ।

:” প্ৰহেলিকা তুমি ? “

যুৱকজনে চকুৰ চচমাযোৰ খুলি একপ্ৰকাৰ আচৰিত হৈ প্রহেলিকাক ক’লে। দীৰ্ঘ সাত বছৰৰ মূৰত সিঁহতৰ আকৌ দেখা। মহাবিদ্যালয়ত প্ৰথম চিনাকী — তাৰ পাছত বন্ধুত্ব। বন্ধুত্বই এদিন ভালপোৱাত পৰিণত হৈছিল। কত যে সুন্দৰ আছিল সেই দিনবোৰ, হাঁহি -ধেমালিয়ে গোটেইখিনি অধিকাৰ কৰি ৰাখিছিল। অনুৰাগে গীটাৰ বজাইছিল আৰু  প্রহেলিকা আছিল নাচনী। দুয়োৰে কেমেষ্টি গোটেই কলেজত ফেমাছ আছিল। কলেজৰ দৰা -কইনা প্ৰতিযোগিতাত সিহঁত প্ৰথম হৈছিল। সৰু- সুৰা মান অভিমানৰ মাজেৰে সিহঁতে তিনিটাকৈ বছৰ পাৰ কৰিছিল। সময় যেন খুব সোনকালেই পাৰ হৈ গৈছিল।

কলেজৰ হাঁহি -ধেমালিবিলাকৰ বাহিৰতো যে এখন সুকীয়া জগৎ আছে সেই কথা সিহঁতহালে বুজিয়েই পোৱা নাছিল। উচ্চ শিক্ষাৰ বাবে প্ৰহেলিকাই বিশ্ববিদ্যালয়লৈ গুচি গৈছিল। আৰু অনুৰাগ —সি বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল। যিমান সোনকালে সম্ভৱ চাকৰি এটা যোগাৰ কৰাটো অত্যন্ত আৱশ্যক হৈ পৰিছিল। ঘৰত অসুখীয়া মাকজনী, সৰু ভাই – ভনী দুটা — সিহঁতৰ পঢ়া -শুনা সকলো দায়িত্বৰ বোজা তাৰ কান্ধত আহি পৰিছিল। কিয়নো তাৰ সুন্দৰ ভৱিষ্যতটি আৰম্ভ হোৱাৰ আগতেই পিতৃয়ে পৃথিৱী এৰি দিছিল। কলেজীয়া জীৱন শেষ হোৱাৰ কেইটামান দিনৰ পাছতেই অনুৰাগে দেউতাক হেৰুৱাইছিল। সেই সময়ছোৱা আছিল সিহঁতৰ বাবে আটাইতকৈ কঠিন সময়। প্ৰহেলিকাৰ লগতে লগৰবোৰেও তাক যথেষ্ট সহায় কৰিছিল।

কম বয়সতে গধুৰ দায়িত্বখিনি পালন কৰি কৰি দিনক দিনে সি হৈ উঠিছিল এটি যন্ত্ৰৰ দৰে। কাৰোৰে লগত ভালদৰে কথা পাতা নাছিল। যিমান সম্ভৱ অকলশৰে থাকিছিল। প্ৰহেলিকাৰ লগতো সি পাৰে মানে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল। কিন্তু সম্পৰ্ক এটা জানো এনেকৈ টিকি থাকে? সমুখৰ জনৰ অৱহেলা কিমান দিন সহিব পাৰি? প্ৰিয়জনৰ পৰা পোৱা অৱহেলাখিনি কিমান যন্ত্ৰণাদায়ক হয় সেইয়া কেৱল ভুক্তভূগিয়ে হে অনুভৱ কৰিব পাৰে।

:” অনুৰাগ, তুমি এনেকুৱা কিয় কৰি আছা? কি বিচৰা তুমি?” — অতিষ্ট হৈ এদিন তাই প্ৰশ্ন কৰিছিল। তাই সপোনতো ভবা নাছিল যে এটা সৰু প্ৰশ্নই তাইক জীৱনৰ আটাইতকৈ তিক্ত সত্যটো উপলব্ধি কৰাব।

:” তোমাৰ পৰা মুক্তি বিচাৰোঁ। মোক অলপ শান্তিত থাকিব দিয়া।” — অনুৰাগৰ উত্তৰে তাইৰ অন্তৰাত্মাক কঁপাই তুলিছিল।

:” তুমি, তুমি এইবোৰ কি কৈছা অনুৰাগ? মোৰ পৰা মুক্তি বিচাৰা? মই তোমাক অশান্তি দিওঁ?”

:” প্লিচ, একে কথা বাৰে বাৰে কৈ নাথাকিবা। পাৰিলে মোৰ সমুখত কেতিয়াও নাহিবা।”

তাই গুচি আহিছিল, এবাৰো পিছলৈ ঘূৰি নুচোৱাকৈ। যিজন অনুৰাগক তাই নিজতকৈও বেছি ভালপায় তাৰ অবিহনে দিনবোৰ বহুত কঠিন হৈ পৰিছিল। কিন্তু তাই নিজকে সান্তনা দিবলৈ অহৰহ চেষ্টা কৰিছিল।

যদিওঁ মনৰ শূণ্যতাখিনিক কেতিয়াও নিঃশেষ কৰিব পৰা নাছিল।

:” প্ৰহেলিকা, ইমান বছৰৰ পাছত,, “

:” হুম! সাত বছৰ, তিনি মাহ।

:” আৰু আঠ দিন।”

:” তোমাৰো মনত আছে মানে? ব’লা না একাপ কফিকে খাওগৈ। ইমান বছৰৰ পাছত লগ পাইছোঁ।

  দুয়ো কফিশ্বপৰ ভিতৰলৈ সোমাই যায়।

:” আৰু কি কৰিছা আজিকালি?”

:” বিশেষ একো নহয়, টুক -টাক চলিব পৰাকৈ জব এটা কৰোঁ।  Transfer হৈ ইয়ালৈ আহিছোঁ। “

:” বাকী ৰাজৰ খবৰ কি? বিয়া পাতিলা নিশ্চয়?”

:” আছে চাগে কৰবাত,,”

:” কিয়? তুমি নাজানা ক’ত আছে?”

:” ওহু। আমাৰ সম্পৰ্কটো বেছি দিন নিটিকিল। একবছৰ মান পাছতে ব্ৰেকআপ হৈছিল।”

( তুমি আজিও বুজি নাপালা অনুৰাগ, মই ৰাজক কেতিয়াও ভালপোৱা নাছিলোঁ। তোমাক মোৰ ভালপোৱাখিনি অনুভৱ কৰাবলৈ  হে প্ৰেমৰ নাটক ৰচিছিলো । মই ভাৱিছিলো ৰাজৰ লগত মোক দেখিলে তুমি নিশ্চয় জেলাছ ফিল কৰিবা আৰু মোক আকৌ আগৰ দৰে আঁকোৱালি ল’বা। কিন্তু মোৰ ভাৱনাখিনি সম্পূৰ্ণ ভুল আছিল। তোমাৰ ফালৰ পৰা মই তেনেকুৱা একো প্ৰতিক্ৰিয়া দেখা পোৱা নাছিলোঁ। মই ভাঙি পৰিছিলোঁ অনুৰাগ। ৰাজে সেই সময়ত মোক মানসিকভাৱে যথেষ্ট সহায় কৰিছিল। তাৰ  সহানুভূতিখিনিক ভালপোৱা বুলি ভাৱি মই আকৌ এবাৰ ভুল কৰিছিলো। তোমাৰ দৰে ৰাজেও মোৰ লগত প্ৰেমৰ নাটক কৰিছিল। ভাঙি পৰিছিলোঁ আকৌ এবাৰ। বাৰে বাৰে প্ৰতাৰিত হৈ মই শক্তিহীন হৈ পৰিছিলো। অলপ শান্তি বিচাৰি ঘৰলৈ উভতি আহিছিলো। )

:” কি ভাৱি আছা প্ৰহেলিকা?”

:” একো নাই। কোৱা আৰু,,,”

:” মই জানো প্ৰহেলিকা, মই তোমাৰ লগত যিখিনি কৰিছিলো সেইয়া ক্ষমাৰ অযোগ্য। হ’লেও  কৈছোঁ  I’m sorry “

:” তুমি কিয় sorry কৈছা? তোমাৰ একো দোষ নাছিল। মোৰো নাছিল,  আমি দুয়ো কেৱল পৰিস্থিতিৰ স্বীকাৰ  হৈছিলোঁ। ,,,,,”

—আৰু কিবা ক’ব বিচাৰিছিল যদিও প্ৰহেলিকাৰ ফোনৰ স্ক্ৰীনটো জিলিকি উঠে। ”  প্রিন্সেচ ”  — সি স্পষ্টকৈ পঢ়িলে। সি কেৱলমাত্ৰ চাই গ’ল। তাই ফোনটো ৰিচিভ  কৰিলে।  তাই বৰ মৰমলগাকৈ কথাবিলাক কৈ গৈছে।

:” মোৰ prince’s য়ে কি কৰিছে? মাম খালে নে? Mumma ক মিছ কৰিছে ন?মাম্মা খুব সোনকালে prince’s ৰ ওচৰত যাব দেই। তুমি আইতাক আমনি নকৰিবা।”

অনুৰাগৰ হাঁহি থকা মুখখনত ক্ৰমাৎ অন্ধকাৰ এটি নামি আহিল। সি এইবাৰো দেৰি কৰি দিলে নি,,,

:” প্ৰহেলিকা, তুমি বিয়া পাতিছা?”

:” হুম, ঘৰলৈ যোৱাৰ কিছুদিন পিছতেই ভাল সম্বন্ধ এটা আহিছিল। মা -দেউতাৰ ল’ৰাজনক পচন্দ হৈছিল। পৰিয়ালৰ লগতে ল’ৰাজনৰ ভাল চাকৰিয়ো আছিল। একেবাৰে যোগ্য পাত্ৰ। ধুম্- ধামেৰে বিয়াৰ আয়োজন কৰিছিল। কিন্তু বিয়াৰ কেইটামান মাহ যোৱাৰ পাছত তেঁওলোকৰ আচল চেহেৰাটো মোৰ সন্মুখত আহিছিল। তেঁওলোকৰ demands দিনক দিনে বৃদ্ধি পাইছিল। মোৰ দেউতাই নো কিমানখিনি পূৰণ কৰিব পাৰিব? তেনেকৈয়ে এদিন মোৰ কোলাত prince’s আহিলে। মই ভাবিছিলো এইবাৰ অন্ততঃ তেঁওলোকৰ দাবী সম্পূৰ্ণ হ’ব। কিন্তু —”

বেগৰ পৰা পানী বটলটো উলিয়াই তাই  ধক- ধক কৰি পানী খালে।

:” তাৰ পাছত, তাৰ পাছত কি হ’ল প্ৰহেলিকা? সকলো কোৱা মোক।”

:” তেওঁলোকে হেনো ল’ৰা বিচাৰিছিল। মই ছোৱালী জন্ম দিলোঁ বুলি মোৰ ওপৰত আগতকৈ বেছি torture কৰিবলৈ ধৰিছিল। এইবাৰ মই সহ্য কৰা শক্তি হেৰুৱাই পেলাইছিলো। মোক যিমান কষ্ট- যন্ত্ৰণা দিছিল মই সকলো মানি লৈছিলোঁ, কিন্তু মোৰ নিস্পাপ ছোৱালীজনী – তাইক তেনে পৰিৱেশত কেনেকৈ ৰাখিব পাৰিম কোৱা? মই গুচি আহিলোঁ ঘৰলৈ চিৰদিনৰ বাবে। এতিয়া তাইয়েই মোৰ জীৱন। মোৰ সকলো । তাইৰ মুখখন চাইয়েই মই জীয়াই আছোঁ বুলি ক’ব পাৰা। “

অনুৰাগৰ এই মূহুৰ্তৰ নিজকে এজন হত্যাকাৰীতকৈ কম অনুভৱ হোৱা নাই। তাইৰ এই অৱস্থাৰ বাবে একমাত্ৰ দায়ী সি নিজে। তাইৰ কপি থকা হাতখনৰ ফালে সি ভয়ে ভয়ে নিজৰ হাতখন আগুৱাই দিলে। অত বছৰ মূৰত তাৰ স্পৰ্শত প্ৰহেলিকাৰ গাৰ নোম শিহৰি উঠে। তাই ততালিকে হাতখন এৰুৱাই লৈ উঠি পৰে।

:” অনুৰাগ, মোৰ দেৰি হৈছে মই যাওঁ। মোৰ ছোৱালীজনী ৰৈ আছে। “

তাই গুচি যায়। অনুৰাগে কেৱল নীৰৱ হৈ বহি থাকিল। যদি উভতি যাব পাৰিলে হয় সেই সাত বছৰ অতীতলৈ,,,

পিছদিনাখন পুৱাতেই প্রহেলিকাৰ ঘৰৰ কলিংগ বেল বাজি উঠিল। পুৱাৰ ব্যস্ততা, তাতে আকৌ ছোৱালীক স্কুলৰ বাবে ৰেডি কৰা, মাকজনী নাথাকিলে যে কি হ’লহেঁতেন  ভাৱিলেই তাইৰ গাৰ নোম  শিহৰি উঠে।

:” মা চোৱা চোন কোন আহিছে? ” —ছোৱালীৰ চুলি ফণিয়াই থাকিয়েই তাই মাকক চিঞৰিলে। মাকে দুৱাৰখন খুলি দিলে। দুৱাৰৰ সিপাৰত অনুৰাগ, হাতত ফুলৰ boutique এটা। মাকে ঠিক চিনি নাপালে তাক। ইমান বছৰৰ আগতে এবাৰ মান দেখিছিল চাগে। বয়স হৈ অহাৰ বাবে  তেওঁ অনুৰাগক ঠিক মনত পেলাব পৰা নাই।

:” কাক বিছাৰিছা বোপা?”

অনুৰাগে বুজি পালে যে মানুহজনীয়ে তাক চিনি পোৱা নাই। এফালৰ পৰা ভালেই হ’ল।

:”মই প্ৰহেলিকাৰ কলিগ। তাই ঘৰত আছে নে?”

মানুহজনী অলপ আচৰিত হৈ নিজৰ চস্মাযোৰ ঠিক কৰি এক সন্দেহৰ চাৱনি দিলে। আগতে এনেদৰে কোনোবা কলিগ ঘৰলৈ অহাৰ কথা তেওঁৰ মনত নপৰে। ইচ্ছা নোহোৱা স্বত্বেও তেওঁ অনুৰাগক ভিতৰলৈ মাতিলে।

প্ৰহেলিকাই কণমানি ছোৱালীজনীক মৰমত ব্ৰেকফাৰ্ষ্ট কৰাই আছিল। মৰমলগা শিশু এটি। প্ৰথম দেখাতেই অনুৰাগৰ মনত অন্য এটি অনুভূতি জগাই তুলিলে। সাত বছৰৰ আগতে সি সেই ভুলটো নকৰাহেঁতেন আজি,,,,,,

প্ৰহেলিকাই অনুৰাগক দেখি এক প্ৰকাৰ আচৰিত হয়।

:” তুমি? কি আহিছা ? মোৰ এড্ৰেছ ক’ত পালা? “

:” ঘৰলৈ আলহী আহিলে বহিব দি ক’ত চাহ যাচিব তাকে এৰি প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি আছা? Not fair দেই। তুমি ইমান কনজুচ জনা নাছিলো। “

:” তাকেই আইটু, তই বহিব দে তেওঁক। মই চাহ বনাই আনো। “

অনুৰাগে ভালেই পালে। এই সুযোগতে সি অন্ততঃ প্ৰহেলিকাৰ লগত ভালদৰে কথা পাতিব পাৰিব। ইমান বছৰে বুকুচাত কঢ়িয়াই ফুৰা কথাখিনি ক’বলৈ আৰু পলম কৰিব নিবিচাৰে।

:” প্ৰহেলিকা, “

:” কোৱা অনুৰাগ,,”

:” কেনেকৈ আৰম্ভ কৰো ভাৱিয়েই পোৱা নাই।”

:” ঠিক আছে তুমি ভাৱি লোৱা ভালদৰে। মোৰ  অফিচ আছে, মই যাওঁ। তুমি চাহ খাই যাবা। “

নোৱাৰিলে, আজিও সি নোৱাৰিলে তাইক মনৰ কথাখিনি ক’ব। গুচি আহিলে নীৰৱে। সাত বছৰৰ আগৰ ভুলৰ শাস্তি এইয়া।

পৱিত্ৰ ৰঙৰ উৎসৱ ফাকুৱা। সকলোৱে ৰঙৰে ৰাঙলী হোৱাৰ দিন। অনুৰাগে পুৱাই উঠি গা -পা ধুই বগা ৰঙৰ কুৰ্তা এটা পিন্ধি প্ৰহেলিকাৰ ঘৰ ওলালেগৈ। প্ৰহেলিকাই বগা বৰঙৰ শাৰীৰ লগত ৰঙা ব্লাউজ পিন্ধি আছে। স্ত্ৰেইট চুলিকোচা মেলি দিয়া, চকুত সামান্য কাজল। তাইৰ এই ৰূপ চাই অনুৰাগৰ ভালপোৱাখিনি চূড়ান্ত পৰ্য্যায় পায়গৈ। নিজৰ ওপৰতেই খং উঠি যায়, কেনেকৈ পাৰিছিল তাইক কষ্ট দিবলৈ, কেনেকৈ এৰি যাব পাৰিছিল সি,,, ? তাই এই কষ্টৰ যোগ্য নহয়। বহুত কষ্ট সহিলে তাই, আৰু কষ্ট দিব নোৱাৰে সি। পোনে পোনে সি প্ৰহেলিকাৰ ওচৰ পালেগৈ। হাতত এমুঠি আবিৰ লৈ তাইৰ শিৰত পিন্ধাই দিয়ে। তাই এই মূহুৰ্তৰ বাবে অলপো প্ৰস্তুত নাছিল। তাই অনুৰাগৰ গালত এক পূৰ্ণহতীয়া চৰ সোধালে।

:” অনুৰাগ,  কি নাটক এইবোৰ? যেতিয়া মন যাব মোক এৰি যাবা, যেতিয়া মন যাব আপোন কৰি ল’বা, খেল যেন লাগে নি তোমাৰ? মোৰ জীৱন লৈ হেতালি খেলাৰ অধিকাৰ কোনে দিলে তোমাক?”

:” প্ৰহেলিকা, মই অনলী তোমাক সুখত ৰাখিব বিচাৰোঁ। যিটো ভুল মই সাত বছৰ আগতে কৰিছিলোঁ তাৰ পায়চিত্ত কৰিব বিচাৰোঁ। বিশ্বাস কৰা তোমাক অবিহনে মই অলপো সুখী নহয়। তোমাক এৰি যোৱাৰ পাছত মই অন্য কোনো ছোৱালীক মোৰ জীৱনলৈ আহিব দিয়া নাই। তুমি সদায় মোৰ মন – হৃদয়ত আছিলা আৰু সদায় থাকিবা, আজীৱন। “

তাই আৰু একো নক’লে। তাই নিবিচাৰে অনুৰাগৰ দয়াত তাই জীৱন নিৰ্বাহ কৰাটো। কিন্তু মনে যেন অন্য কথাটো হে কৈছে। চকুৱে কেৱল অনুৰাগক বিচাৰি ফুৰে। আমাৰ এই দুটা অংগ — চকু আৰু মন, ইহঁত দুয়ো যেন কেতিয়াও আমাৰ কণ্ট্ৰ’লত নাথাকে। আমাৰ আপোন নহয় দুয়ো। সদায় আমাৰ লগত বিশ্বাসঘাটকতা কৰে।

প্ৰায় প্ৰত্যেক দিনাই অনুৰাগ প্ৰহেলিকাৰ ঘৰলৈ আহিব লোৱা কথাটো তাই ভাল পোৱা নাই। তাই ক্ৰমে দুৰ্বল পৰি গৈ আছে। ওপৰে -ওপৰে যিমানেই কঠোৰ  হৈ নেদেখাওক কিয়, নিজ মনে তাইক চাই সদায় হাঁহে। খুব কম দিনৰ ভিতৰতে মাক আৰু তাইৰ ছোৱালীৰ লগত অনুৰাগৰ এক সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছে।

আজি কালি মাকৰ মুখত এটাই কথা — তাই অনুৰাগক আপোন কৰি জীৱনটো নতুনকৈ আৰম্ভ কৰা। মাকৰ লগতে জীয়েকজনীয়েও ক’ব পৰা হৈছে। মুঠতে অনুৰাগক তাই পাপা বনাবই বনাব। ছোৱালীজনী বুজা হোৱাৰ পাছৰে পৰাই পিতৃস্নেহ অনুভৱ কৰিবই নোৱাৰিলে। অনুৰাগক কাষত পায় যেন কণমানিজনী পৃথিৱীৰ সৰ্বসুখ লাভ কৰিছে। তাৰ বাইকৰ আগফালে উঠি দিনত এবাৰ হ’লেও ঘূৰি ফুৰাটো অভ্যাসত পৰিণত হৈছে।

অৱশেষত তাই মান্তি হয় ছোৱালীজনীৰ মুখনিলৈ চাই। অভিমানখিনিয়ে পৰাজয় বৰণ কৰিলে। অভিমানৰ শেষ পোহৰ গুচি নতুন কিৰণ এমুঠি তাইৰ জীৱনলৈ আহিল। ভালপোৱাখিনি জয়ী হ’ল। এদিন তাই ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাৱিয়েই স্বামী গৃহ ত্যাগ কৰিছিল আৰু আজি আকৌ ছোৱালীজনীৰ কথা ভাবিয়েই তাই অনুৰাগক স্বামী হিচাপে স্বীকাৰ কৰিলে। মাতৃ এগৰাকীয়ে নিজৰ সন্তানৰ মঙ্গলৰ কাৰণে সকলো কৰিব পাৰে। সেয়ে কোৱা হয় —

নৈৰ সমান ব’ব কোন?
আইৰ সমান হ’ব কোন?