অভিমানৰ নীৰৱ সাক্ষী – নাচিমা য়াচমিন

Pc Banner Jones Solicitors

অভিমানৰ নীৰৱ সাক্ষী 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

তোমাৰ প্ৰতি মোৰ
আভিমানৰ নীৰৱ গগন।
নিজক নিজে হেৰুৱাই
পোহৰ, আন্ধাৰক সম কৰা
হেৰুৱাই পেলাওঁ স্বভিমান।
সকাহৰ ৰ’দে
খিৰিকীৰে উকি মাৰে,
তোমাৰ স্মৃতিবোৰে সদায়
চৌদিশে উৰি ফুৰে।
হৃদয়ত থকা অনুভৱবোৰ
 নিৰ্বাকতাৰে গিলি লওঁ,
আৰু নিজৰ পৰা নিজেই
নীৰৱে আঁতৰি যাওঁ।
তুমি, এটি জটিল
অসমাপ্ত অধ্যায়।
পোহৰ বিচৰা হয়,
কিন্তু সদায় আন্ধাৰতে
 বাস।
এয়া হ’ল তোমাৰ
আধ্যাত্মিক বিভ্ৰান্তি।
কিন্তু মোৰ হৃদয়খন একমাত্ৰ
অভিমানৰ নীৰৱ সাক্ষী।