অভিমানী প্ৰেমিক – মৃদুলা বৰুৱা

PC - peakpx
অভিমানী প্ৰেমিক
মৃদুলা বৰুৱা, তেজপুৰ
সেইদিনা তোমাক দেখাৰ পৰাই
অতীত হৈ যোৱা আশাবোৰ
আকৌ যেন ফুলি উঠিছে ,
কেনেকৈ সামৰি ৰাখোঁ
মতলীয়া বতাহ জাকত
বিলীন হোৱা
মোৰ উশাহবোৰক।
তুমিতো জানাই অনুৰাধা
মই বৰ অভিমানী,
এখন্তেক তোমাৰ সান্নিধ্য নাপালেইচোন
অভিমানেৰে ভৰি পৰে
মোৰ তেজাল বুকু।
এতিয়াও একেই আছোঁ জানা
তোমাৰ অভিমানী প্ৰেমিক জন।
সেইদিনা তোমাক দেখাৰ পৰাই,
সোণাৰুৰ হালধীয়া সুৱাসত
এৰাল চিঙি বৈ আহিছে
মোৰ প্ৰেম মিশ্ৰিত
অভিমানৰ এখনি নৈ।
চোৱাচোন টোপ-টোপকৈ সৰিছে
মোৰ বুকুৰ হালধীয়া বোৰ।
অনুৰাধা…..
আকৌ এবাৰ জীপাল কৰি দিয়ানা
মোৰ অতীত হৈ যোৱা আশাবোৰক।