অভিভাৱক-অভিভাৱিকাৰ মনত ইতিবাচক চিন্তাৰ প্ৰয়োজন
প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা,গুৱাহাটী
বৰ্তমান সময়বোৰ বৰ জটিল হৈ পৰিছে ৷ সৎচিন্তাৰ পৰিবৰ্ত্তে মানুহৰ মনবোৰত নেতিবাচক চিন্তাৰে ভৰি পৰিছে ৷ বিশেষকৈ আমি অভিভাৱিকা হিচাপে দৈনন্দিন জীৱনত লগ পোৱা বহুতো অভিভাৱক-অভিভাৱিকাৰ মানসিক স্থিতিৰ বিষয়ে বুজ লবলৈ সক্ষম হৈছোঁ ৷ আমাৰ মনবোৰ ইতিবাচক চিন্তাৰে পৰিপূৰ্ণ হ’লেহে আমি আমাৰ উত্তৰ প্ৰজন্মৰ পৰা দায়িত্বশীল মনোভাৱৰ আশা কৰিব পাৰিম লগতে সৎচিন্তা তথা সৎ মানসিকতাৰে আমাৰ সন্তানক পুষ্ট কৰি তুলিব পাৰিম ৷ সৎ মানসিকতাৰ লগতে সৎচিন্তাৰে পুষ্ট মানসিকতাৰ সন্তানৰ পৰাহে আমি এখন সুস্থ সমাজৰ আশা কৰিব পাৰিম ৷ বহু ক্ষেত্ৰত আমাৰ দৃষ্টিগোচৰ হয় যেতিয়া আমি বেছিভাগ মহিলা একত্ৰিত হওঁ তেতিয়া আনৰ কথা আলোচনা বেছিকৈ হয় ৷ আনৰ কথা আলোচনা হোৱাতো ভাল কথা কিন্তু আনৰ কথা বেয়াকৈ পতা , কাৰোবাক দেখি উপলুঙা কৰা , আনৰ নিগেটিভ কথা পতা এইবোৰ নেতিবাচক চিন্তা নহয়নে? সন্তানৰ মাতৃসকলৰ মাজত এনেবোৰ চিন্তা বেছিকৈ দেখিবলৈ পোৱা যায় ৷লগতে বেছিভাল ল’ৰাছোৱালীৰ মানসিকতাও তেনেধৰণৰ দেখা পোৱা যায় ৷ ঃৎ আমাৰ সমাজৰ (সকলোবোৰ মহিলা নহয়) এনে মানসিকতাৰে পুষ্ট মাতৃৰ পৰা আমি আমাৰ সন্তানসকলক সবল তথা ইতিবাচক চিন্তাৰে গঢ়ি তুলিব পাৰিমনে ? যিসকল মাতৃৰ মনত তেনেধৰণৰ চিন্তা থাকে সেইসকল মাতৃয়ে সন্তানৰ সন্মুখতে তথা ফোনত অনবৰতে নিগেটিভ কথা আলোচনা কৰি থাকিলে সন্তানৰ মনত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰে ৷ সমাজত বাস কৰা বেছিভাগ শিক্ষিত অথবা অশিক্ষিত মানুহৰ মনত এনেধৰণৰ নেতিবাচক চিন্তাৰে ভৰি থাকে ৷ তাৰ মাজত যিসকলে নিজৰ কৰ্মত মনোনিৱেশ কৰে তেখেতসকলৰ কৰ্ম ব্যস্ততাৰ বাবে মনলৈ তেনে ধৰণৰ চিন্তা আহিবলৈ সুবিধাই নাপায় ৷কিন্তু যিসকল মানুহে অনবৰতে ঘৰতে থাকি তেনেধৰণৰ চিন্তাৰে মন ভৰাই ৰাখে তেওঁলোকৰ মানসিক স্থিতি দুৰ্বল হোৱাৰ লগতে মানসিক অস্থিৰতাই তেওঁলোকৰ নিজৰ শৰীৰ আৰু মন অসুস্থ কৰি তোলে ৷ অসুস্থ মনৰে এগৰাকী মাতৃয়ে নিজৰ লগতে পৰিয়ালৰ লগতে সন্তানৰ বাবে সুস্থ পৰিবেশ এটা কেতিয়াও গঢ় দিব নোৱাৰে ৷ যাৰ বাবে নিজৰ সন্তানৰো মনবোৰত ঘুণে ধৰে ৷ সুস্থ সবল মানসিকতাৰে গঢ় দিব নোৱাৰা সন্তান এটিয়ে ভৱিষ্যতলৈ পৰিয়ালৰ অথবা সমাজৰ বাবে ইতিবাচক চিন্তাৰ বাহক হব বুলি মোৰ মনে নধৰে ৷
আমি যেতিয়া বহুগৰাকীৰ মাজত থাকি তেখেতসকলৰ মনৰ অনুভৱ বুজ লবলৈ চেষ্টা কৰোঁ , আমি প্ৰায়ে দেখিবলৈ পাওঁ তেখেতৰ সকলৰ মাজত বেলেগ সন্তানৰ নিগেটিভ কথাৰ আলোচনা বেছিকৈ হয় ৷ কিন্তু এটা কথা সঁচা যে কাৰোবাৰ সন্তানে যদি ভাল কাম কৰিছে অথবা কোনোবা দিশত আগবাঢ়ি গৈছে সেই সন্দৰ্ভত আলোচনা কেতিয়াও নহয় ৷ এইটো কিয় হব লাগে ? ই এক ডাঙৰ প্ৰশ্ন ৷ সুস্থ সবল মানসিকতাৰ মাজেৰেহে এগৰাকী মাতৃয়ে নিজৰ সন্তানক ইতিবাচক চিন্তাৰে পুষ্ট কৰি তুলিব পাৰিব ৷ এগৰাকী সুস্থ সবল মানসিকতাৰ মাতৃয়েহে উত্তৰ প্ৰজন্মৰ জৰিয়তে এখন সুস্থ সমাজ গঢ় দিব পাৰিব ৷ আচল কথাটো হ’ল ——— শিক্ষিত হলেই মানুহ জ্ঞানী আৰু বিশ্বাসী মনৰ নহবওঁ পাৰে আৰু বহুতো অশিক্ষিত মানুহো বহুত জ্ঞানী হয় ৷ গতিকে শিক্ষাৰ মানদণ্ডেৰে কথাবোৰ আমি জুখিবলৈ নাযাওঁ আমি মাথোঁ সজাগ আৰু সচেতন হোৱাৰ সময় আহি পৰিছে ৷ প্ৰত্যেকেই এটা কথাত মনোনিৱেশ কৰা উচিত আনৰ সন্তানৰ কথা বেয়াকৈ আলোচনা কৰাতকৈ নিজৰ সন্তানৰ লগতে নিজৰ পৰিয়ালটোক কেনেদৰে সুস্থিৰভাৱে গঢ়ি তুলিব পাৰি তাত মনোযোগ দিয়াতো অত্যন্ত জৰুৰী কথা ৷ সুন্দৰ মানসিকতাৰ মানুহৰ জৰিয়তেহে সুন্দৰ পৰিবেশ এটাৰ গঢ় দিব পাৰি ৷ বেছিভাগ সময়ত আমাৰ মাজত ভাললগা কথাবোৰৰ আলোচনা নোহোৱা হৈছে ৷
আমাৰ মনবোৰ দিনকদিনে ঠেক হৈ আহিছে ৷ আমাৰ মানুহৰ মনঃস্তত্ত্বৰ দিশটোৰ বুজ লোৱাটো বৰ হেঁপাহৰ কাম ৷ লগতে সামাজিক প্ৰাণী হিচাপে সমাজত বাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্যৰ ক্ষেত্ৰত অনিহা দেখিলে মনটো দুখেৰে ভৰি পৰে ৷ অভিভাৱক-অভিভাৱিকা বুলিলে কিন্তু শিক্ষক-শিক্ষয়িত্ৰীসকলো ইয়াৰ মাজত সাঙোৰ খাই আছে কিয়নো তেখেতসকলো কাৰোবাৰ পিতৃ-মাতৃ ৷
এতিয়া আহোঁ ——সন্তানক ইতিবাচক চিন্তাৰে পুষ্ট কেনেকৈ কৰিম ? বৰ্তমান সময়ত সমাজত বাস কৰা প্ৰায়বোৰ অভিভাৱক-অভিভাৱিকাসকলে প্ৰতিযোগিতাৰ পিছত দৌৰে ৷ নিজৰ সন্তানক কেইটামান নম্বৰ পোৱাৰ বাবে কমপিটিশ্যন কৰোঁৱায় ৷ সন্তানসকলো নম্বৰৰ পিছত দৌৰোঁতে-দৌৰোঁতে এটা সময়ত ভাগৰি পৰে৷ এইক্ষেত্ৰত আমি আমাৰ সন্তানক নিজৰ লগত পৰিচয় হবলৈকে সুবিধা নিদিওঁ ৷ সিহঁতৰ শিশু সুলভ মনটোৱে কি বিচাৰে?এটা সময় আহি পৰে আমাৰ সন্তানসকলে উচ্চ শিক্ষিত হৈ উচ্চ প্ৰদস্থ বিষয়া হৈ উঠে ৷ সেইখিনিলৈকে সকলো ঠিকেই থাকে কিন্তু কৰ্মব্যস্ততাৰ বাবে হওঁক অথবা আন কাৰণতেই হওঁক সময়ৰ পিছত দৌৰোঁতে-দৌৰোঁতে সিহঁতৰ আপোন মানুহৰ বাবে সময় দিব নোৱাৰা হৈ পৰে ৷ এই ক্ষেত্ৰত দুখ কাৰ ? আমি আমাৰ সন্তানক মেচিন বনালোঁ নে মানুহ বনালোঁ ? সেইটো লৈহে প্ৰশ্ন হয় ৷ আমি আমাৰ সন্তানক মেচিন বনাবলৈ যত্নপৰ হোৱা উচিত নহয় ৷ সিহঁতক মানুহ বনাবলৈহে চেষ্টা কৰিব লাগে ৷ মানৱীয় দিশতো সৰুৰেপৰা উপলব্ধি কৰাব লাগে ৷
সন্তান গঢ় দিয়াৰ দায়িত্ব পিতৃ-মাতৃ দুয়োৰে যদিও এগৰাকী মাতৃয়েহে সুস্থ-সবল মানসিকতাৰ সন্তান গঢ় দিব পাৰে ৷ উদাহৰণস্বৰূপে প্ৰহ্লাদ হিৰণ্যকশিপুৰৰ সন্তান হৈও নাৰায়ণৰ ভক্ত হৈ ভক্তৰ ৰক্ষক হিচাপে আজিও পৰিচিত ৷
আহকচোন আনৰ বেয়া সমালোচনা ত্যাগ কৰোঁ ৷ নেতিবাচক চিন্তাৰ পৰিবৰ্ত্তে ইতিবাচক চিন্তাৰে আমাৰ সন্তানৰ মানসিক স্থিতি সবল কৰি এখন সুন্দৰ আৰু সুস্থ সমাজ গঢ়ি তোলোঁ ৷
( বিঃদ্ৰঃ এই লেখাখিনিৰ মাজৰে আমি প্ৰত্যেকেই নিজৰ মানসিকতাৰ বুজ লব পাৰিম বুলি বিশ্বাস ৷কোনোবাই লেখাখিনিৰ মাজেৰে নেতিবাচক চিন্তা ত্যাগ কৰি ইতিবাচক চিন্তাৰে নিজৰ লগতে সন্তানকো সুস্থ মানসিকতাৰে গঢ় দিবলৈ যত্নপৰ হব বুলি আমাৰ বিশ্বাস ৷ তেতিয়াহে আমি এখন সুন্দৰ সমাজৰ সপোন দেখিব পাৰিম ৷)
