অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ” ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্বিম বংগৰ গোবৰডাংগাত মঞ্চস্থ হ’ব

অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ” ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্বিম বংগৰ গোবৰডাংগাত মঞ্চস্থ হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁওৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্বিম বংগৰ গোবৰডাংগাৰ ৰবীন্দ্ৰ নাট্য সংস্থা, খাটুৱা চিত্ৰপট নাট্য গোষ্ঠী আৰু খাটুৱা শিল্পাঞ্জলী নাট্য দলে আয়োজন কৰা ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২৩ত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ জনাইছে৷ এই ৰাষ্ট্ৰীয় নাট মহোৎসৱ কেইটিত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰা হিন্দী নাটকখনৰ পৰিচালনা দয়াল কৃষ্ণ নাথৰ,ৰচনা কুশল ডেকাৰ৷ নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ভাওঁনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটক খনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি কুমাৰ ৰঞ্জন, নিকিতা গুপ্তা, দয়াল কৃষ্ণ নাথ, বৰুন কৰ, মনোজ কুমাৰ, গোপাল বিস্বাস আৰু শিশু শিল্পী কথাস্মিতা কুণ্ডুৱে অভিনয় কৰিছে৷ উল্লেখযোগ্য যে এই নাটক খনি ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত অনুস্থিত নাট্য মহোৎসৱত ৬৭ বাৰ মঞ্চস্থ কৰি সমাদৰ পাবলৈ সক্ষম হৈছে৷