অভিনেত্ৰী জ্ঞানদা কাকতিৰ মৃত্যুত লুৰিণজ্যোতি গগৈৰ শোক

অভিনেত্ৰী জ্ঞানদা কাকতিৰ মৃত্যুত লুৰিণজ্যোতি গগৈৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসানৰ খবৰে বাৰুকৈয়ে ব্যথিত কৰিলে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈক৷ অসমীয়া চিনেমাৰ এছোৱা বৰ্ণাঢ্য সময়ক সমৃদ্ধ কৰিছে তেখেতে৷ আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পীও আছিল তেখেত৷‘প্ৰথম ৰাগিনী’ নামৰ চিনেমাখনত অভিনয় কৰি শ্ৰেষ্ঠ আঞ্চলিক চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰা এইগৰাকী স্বনামধন্য শিল্পীৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ ঐতিহ্যক নিজৰ অভিনয় প্ৰতিভাৰে মহীয়ান কৰি যোৱা জ্ঞানদা কাকতিৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব৷ অসমবাসীৰ মাজত চিৰস্মৰণীয় হৈ ৰ’ব তেখেতৰ সৃষ্টি আৰু যুগজয়ী অৱদান৷