অভিনেত্ৰীৰ গাড়ীৰ খুন্দাত আহত ছামিউলৰ মৃত্যু,অভিনেত্ৰী নন্দিনীক আটক আৰক্ষীৰ

অভিনেত্ৰীৰ গাড়ীৰ খুন্দাত আহত ছামিউলৰ মৃত্যু,অভিনেত্ৰী নন্দিনীক আটক আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভয়ানক দুর্ঘটনাত পতিত হৈ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষনিশ্বাস ত্যাগ কৰিলে নলবাৰীৰ যুৱক ছামিউল হকে। উল্লেখ্য যে যোৱা ২৫ জুলাইৰ পুৱতিনিশা প্রায় তিনি বজাত কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ ৰাজপথত অভিনেত্রী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল গুৱাহাটী পৌৰ নিগমৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত কৰ্মৰত তথা নলবাৰী পলিটেকনিকৰ ইলেক্ট্ৰিকেল বিভাগৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ ছামিউল হক। গভীৰ নিশা মাতাল হৈ অহা অভিনেত্রী নন্দিনী কাশ্যপে এএছ-০১ এফএম-৯১৯৯ নম্বৰৰ বলেৰ’ বাহনখনেৰে অতি নিৰ্মমভাৱে খুন্দিয়াইছিল যুৱকজনক। পৰৱৰ্তী সময়ত চিচি টিভিৰ দৃশ্যাংশত প্রতিফলিত হৈ পৰিছিল অভিনেত্ৰীগৰাকীৰ বাহনে ছামিউলক খুন্দিওৱা ভয়ংকৰ দৃশ্য। অকল খুন্দিওৱাই নহয়, ছামিউলৰ দেহৰ ওপৰেৰে তীব্র বেগেৰে গাড়ী চলাই পলায়ন কৰিছিল অভিনেত্ৰীগৰাকী। ভয়াৱহ দুর্ঘটনাটোৰ পাছত গুৰুতৰভাৱে আঘাতপ্রাপ্ত ছামিউলৰ দুয়োখন ভৰিৰ হাড় কেইবাটুকুৰা হৈ পৰাৰ লগতে মূৰত পৰিছিল ২৭টাকৈ চিলাই। তদুপৰি যুৱকজন ৰাজহাড়ত আঘাতপ্রাপ্ত হোৱাৰ লগতে পেটত জমা হৈছিল তেজ। অতি সংকটজনক অৱস্থাত জিএমচিএইচত চিকিৎসাধীন হৈ থকা ছামিউলক সোমবাৰে দিনৰ ভাগত উন্নত চিকিৎসাৰ বাবে খ্ৰীষ্টানবস্তিৰ এপল’ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। আইচিইউত ভেন্টিলেটৰৰ সহায়ত চিকিৎসকে ছামিউলক সুস্থ কৰি তুলিবলৈ চেষ্টাৰ ত্রুটি কৰা নাছিল। আনকি মঙলবাৰে দিনৰ ভাগত ছামিউলক তেজৰ প্ৰয়োজন হোৱাত বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমকে ধৰি কেইবাজনো সদস্যৰ লগতে আন বহু লোকে তেজ যোগান ধৰিছিল। কিন্তু শুভাকাংক্ষী তথা চিকিৎসকৰ সকলো প্ৰচেষ্টাৰ অন্ত পেলাই মঙলবাৰে সন্ধিয়া প্রায় ৫ বজাত চিকিৎসাধীন অৱস্থাতে মেধাৱী যুৱকজনৰ মৃত্যু হয়। নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা ছামিউল হকে দিনত অধ্যয়ন কৰি নিশা বিভিন্ন ঠাইত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে পিতৃ-মাতৃকো ঘৰ চলাবলৈ সহায় কৰিছিল। কিন্তু কালৰ কূটিল গতিত অকালতে এজনী অহংকাৰী অভিনেত্ৰীৰ অবিবেচক কাণ্ডৰ বাবেই আজি মেধাৱী ছাত্ৰজনৰ মৃত্যু হ’ল। দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছত মৃত যুৱকজনৰ পৰিয়ালে উচিত ন্যায় বিচাৰি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। কিন্তু দিছপুৰ আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ গুৰুতৰ অভিযোগ সম্প্রতি পৰিয়ালে কৰিছে। কিয়নো ২৫ জুলাইতে সংঘটিত হোৱা ভয়ংকৰ ঘটনাটোৰ তিনি দিন উকলি যোৱাৰ পাছতহে দিছপুৰ আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে। সংবাদ মাধ্যমৰ তৎপৰতাৰ পাছত সোমবাৰে অভিনেত্ৰীগৰাকীক কেইবাঘণ্টাজুৰি দিছপুৰ আৰক্ষীয়ে জেৰা চলাই ৰাইজক দেখুৱালেও পৰৱৰ্তী সময়ত অভিনেত্ৰীগৰাকীয়ে নিজেই উদঙাই দিলে দিছপুৰ আৰক্ষীৰ ফোঁপোলা স্বৰূপ। অভাৰ স্পীডত গাড়ী চলাই ইতিমধ্যে পৰিবহণ বিভাগৰ পৰা ৫খনকৈ চমন লাভ কৰাৰ পাছতো অভিনেত্রী নন্দিনী কাশ্যপে সমস্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাটো দূৰৰেই কথা, ওলোটাই মিছা অভিযোগ লগোৱা বুলি সংবাদ মাধ্যমকহে দোষাৰোপ কৰে। তেওঁৰ মতে, ঘটনাৰ দিনা তেওঁৰ গাড়ীখন কোনো কাৰণতে হাইস্পীডত নাছিল। অথচ চিচি টিভিৰ দৃশ্যাংশত দুর্ঘটনাৰ সময়ত গাড়ীখন তীব্র বেগত যে আছিল সেয়া ইতিমধ্যে ওলাই পৰিছে। মেধাৱী যুৱকজনৰ মৃত্যুৰ পাছত এতিয়া দিছপুৰ আৰক্ষীৰ ভূমিকাক লৈও সর্বত্র চর্চা চলিছে। আৰক্ষীৰ জেৰাৰ পাছত  সংবাদ মাধ্যমৰ আগত নন্দিনী কাশ্যপে সদৰী কৰা মতে, ঘটনাৰ দিনা প্রথমে আৰক্ষীক তেওঁ এই বিষয়ে অৱগত কৰিছিল। কিন্তু কৰ্তব্যৰত আৰক্ষীয়ে তেওঁক লগে লগে থানাত অহাৰ সলনি পিছদিনাখনহে হাজিৰ হোৱাৰ বাবে কৈছিল। এইখিনিতে এটা কথা ৰহস্যৰ আৱৰ্তত আহি পৰিছে। তীব্ৰ বেগত গাড়ী চলাই দুর্ঘটনা সংঘটিত কৰা অভিনেত্রী নন্দিনী কাশ্যপে উক্তনিশা সুৰাৰ ৰাগিত মাতাল হৈ আছিল নেকি? কিন্তু চেষ্টা কৰিলেও এই কথা এতিয়া পোহৰলৈ নাহে। কিয়নো দুর্ঘটনা সংঘটিত কৰাৰ পাছত সাধাৰণতে যদিহে দুর্ঘটনা ঘটোৱা লোকজনক আৰক্ষীয়ে লগে লগে কৰায়ত্ত কৰিবলৈ সক্ষম হয় তেন্তে উক্ত লোকজনৰ মেডিকেল কৰোৱা হয়। অৱশ্যে নন্দিনী কাশ্যপৰ ক্ষেত্ৰত আৰক্ষীয়ে আজিপর্যন্ত মেডিকেল কৰোৱা নাই। কি কাৰণত অভিনেত্ৰীগৰাকীক দিছপুৰ আৰক্ষীয়ে মেডিকেল নকৰালে, তাক লৈও বিভিন্ন মহলত প্রশ্ন উত্থাপন হৈছে। ঘটনাটো সংঘটিত হোৱাৰ তিনি দিন পাছত আজিহে আৰক্ষীয়ে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। থানাখনৰ সকলো আৰক্ষীয়ে বিষয়টোক লৈ গা এৰি চলিলে। আজি দুৰ্ভগীয়া যুৱকজনৰ মৃত্যুৰ পিছতে মহানগৰ আৰক্ষীয়ে অভিনেত্রী নন্দিনী কাশ্যপক আটক কৰে। আৰক্ষীৰ সুত্ৰৰ পৰা জানিব পৰা মতে আখৰাস্থলীৰ পৰা আহি থকাৰ সময়ত শৰাইঘাট দলঙৰ সমীপত অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে আটক কৰে। নিশাৰ ভাগতে অভিনেত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। তাৰ পিছতে অভিনেত্রী কাশ্যপক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। যিয়েই নহওক, দুর্ভাগ্যজনকভাৱে অভিনেত্রী নন্দিনী কাশ্যপৰ তীব্রবেগী গাড়ীচালনাৰ বাবে সম্ভাৱনাময় এগৰাকী যুৱকৰ অকালতে মৃত্যু হ’ল। ভুক্তভোগী পৰিয়ালটোৱে আজিও ঘটনাটোৰ উপযুক্ত তদন্ত কৰি হিট এণ্ড ৰান আইনৰ অধীনত গোচৰ ৰুজু কৰি অহংকাৰী অভিনেত্রী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ দাবী তুলিছে। তাৎপৰ্যপূৰ্ণভাৱে ভয়ংকৰ দুৰ্ঘটনাটোক লৈ তিলমানো অনুতপ্ত নোহোৱা নন্দিনী কাশ্যপে কালি এই দুর্ঘটনাটো এটা সাধাৰণ দুর্ঘটনা বুলি হাস্যবদনে মন্তব্য কৰি আত্মপক্ষ সমর্থন কৰা পৰিলক্ষিত হ’ল। মৃত যুৱকজনে ন্যায় পাব নে নাই, সেয়া সময়তহে পৰিষ্কাৰ হ’ব। অৱশ্যে শেহতীয়া এই কাণ্ডৰ পাছতে নন্দিনী কাশ্যপৰ সৈতে থকা দুটা বৰ্ষৰ চুক্তি বাতিল কৰিছে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই। ছামিউল হকৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাবে এই সিদ্ধান্ত থিয়েটাৰ কর্তৃপক্ষই লৈছে বুলি জানিব পৰা গৈছে।