অভিনেতা , নৃত্য কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যক “ব’হাগী সন্মান-২০২৬” প্ৰদান

অভিনেতা , নৃত্য কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যক “ব’হাগী সন্মান-২০২৬” প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী কাহিলীপাৰাস্থিত জ্যেতিচিত্ৰবন ফিল্ম ষ্টুডিওত ২৩ মাৰ্চ ২০২৬ সোমবাৰে “ৰিডম ইভেন এণ্ড এন্টাৰটেইনমেন্ট প্ৰায়ভেট লিমিটেডে” বিভিন্ন প্ৰতিযোগিতাৰে আয়োজন কৰা এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত হাজো-শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বংশৰৰ উদীয়মান অভিনেতা তথা নৃত্য কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যক ব’হাগী সন্মান-২০২৬ প্ৰদান কৰে অনুষ্ঠানটোৰ পৰিচালক নিউটন হাজৰিকা আৰু পৰিচালিকা চয়ানিকা দেৱীয়ে।অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৰ্শক ৰাইজক আপ্লুত কৰে।আৰু শেষত বঁটা বিতৰণী অনুষ্ঠানেৰে সামৰণি পৰে।