অভিনেতা জয়ন্ত ভাগৱতীৰ চিকিৎসা ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে
ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা প্রাক্তন কেন্দ্রীয় মন্ত্রী বিজয়া চক্ৰৱৰ্তী আৰু বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতীৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শর্মাই দুয়োৰে আশু আৰোগ্য কামনা কৰাৰ লগতে হাস্পতাল কর্তৃপক্ষক পৰিচৰ্যাত কোনোধৰণৰ সুৰুঙা নাৰাখিবলৈ নির্দেশ দিয়ে। সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রাক্তন কেন্দ্রীয় মন্ত্রী বিজয়া চক্ৰৱৰ্তী বর্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁৰ খবৰ ল’লোঁ আৰু দুষাৰ কথা পাতিলোঁ। এতিয়া বাইদেউৰ স্বাস্থ্যৰ ঘূৰি আহিছে। প্রায় ভাল হৈছে বুলিয়েই ক’ব পাৰি। মই ভাবোঁ-তেওঁ সোনকালে ঘৰলৈ যাব পাৰিব। কিন্তু চিকিৎসকসকলে তেওঁক কৈছে যে ঘৰত গ’লে পৰিৱেশ সলনি হ’ব পাৰে। সেয়েহে ৫-৬ দিন ইয়াতে থাকি গ’লে আৰু ভাল হ’ব। কিন্তু স্বাস্থ্যৰ ফালৰ পৰা তেওঁৰ এতিয়া বিশেষ অসুবিধা নাই। সেইদৰে অভিনেতা জয়ন্ত ভাগৱতী সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাৰ ভাষ্য আছিল এনেধৰণৰ-গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অসমৰ অভিনয় জগতৰ এজন স্বনামধন্য অভিনেতা জয়ন্ত ভাগৱতীও চিকিৎসাধীন হৈ আছে। তেওঁৰো খবৰ ল’লোঁ। তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ খা-খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। আর্থিক কাৰণত যাতে তেওঁৰ চিকিৎসাৰ ক্ষেত্রত কোনো অসুবিধা নহয়, তাৰ বাবে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষক কৈছোঁ।উল্লেখ্য যে, পিচলি পৰি আঘাতপ্ৰাপ্ত হয় প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী। প্ৰথমে গুৱাহাটীৰ KGMT চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও, পিছত GMCH লৈ অনা হয়। তেওঁ ‘সৰু বোৱাৰী’, ‘জেতুকা পাতৰ দৰে’, ‘কাদম্বৰী’, ‘কইনা মোৰ ধুনীয়া’ৰ পৰা আৰম্ভ কৰি ‘গোলাই চোৰ’ আদি বিভিন্ন ছবিৰ লগতে ধাৰাবাহিকতো অভিনয় কৰিছে। দীর্ঘদিন ধৰি অসমীয়া নাট্য আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনত বিশেষ অৱদানৰ আগবঢ়াই আহিছে প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতীয়ে।