অভিনেতা ছলমান খানক পুনৰ মৃত্যুৰ ভাবুকি
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ এবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে অভিনেতাগৰাকীয়ে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ আগতেও ছলমান খানে কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰিছে। এইবাৰ পুনৰ তেওঁলৈ এক ভাবুকি ভৰা বাৰ্তা আহিছে। এইবাৰ এই ভাবুকি আহিছে মুম্বাইৰ পৰিবহণ বিভাগৰ ৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰা মেছেজৰ জৰিয়তে।জানিব পৰা মতে,মুম্বাইৰ বাৰ্লিৰ যান-বাহন বিভাগৰ হোৱাটছএপ নম্বৰত ভাবুকি প্ৰেৰণ কৰিছে এজন অচিনাকি ব্যক্তিয়ে। বাৰ্তাটোত কোৱা হৈছে যে, ছলমানৰ ঘৰত প্ৰৱেশ কৰি তেওঁক হত্যা কৰিব।ইয়াৰ লগতে ছলমান খানৰ গাড়ী বোমাৰ উৰুৱাই দিয়াৰ কথাও উল্লেখ কৰিছে। ইতিমধ্যে ৱৰ্লি থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই বাৰ্তা ক’ৰ পৰা আহিল আৰু ইয়াৰ আঁৰত কোন আছে, সেই লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।উল্লেখ্য যে, দীৰ্ঘদিন ধৰি লৰেন্স বিষ্ণোই গেঙে ছলমান খানক হত্যা কৰাৰ চেষ্টা চলাই আহিছে। বৰ্তমান পৰ্যন্ত তেওঁ কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰিছে। কিছুমাহ পূৰ্বে তেওঁৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।