অভিনয় – ৰশ্মি ৰেখা দুৱৰা

অভিনয়

ৰশ্মি ৰেখা দুৱৰা

এনেকৈয়ে ভাঙেনে সপোন
ভবাই নাছিলোঁ এনে দিন আহিব
বিশ্বাসৰ হাতখন আগবঢ়াই দিয়াটো
তোমাৰ কি মিছা আছিল!

তোমাৰ মৰমত আতুৰ হৈ
হিয়া উজাৰি ভাল পাইছিলোঁ
ওৰে জীৱন  মোৰ স’তে
কটোৱাৰ প্ৰতিশ্ৰুতি দিছিলা,
ঈশ্বৰক খাটিছিলোঁ
প্ৰতি জনমতে তুমি মোৰেই হোৱা।

তোমাৰ মৰমলগা কথাবোৰ
তুমি দেখুওৱা সপোনবোৰ
সঁচায়ে মিছা আছিল নে ?
তোমাৰ অভিনয় বৰ নিখুঁত।

‘বিশ্বাসঘাতক’ নামৰ ছবিখন পৰিচালনাৰ
দায়িত্ব তোমাকেই অৰ্পণ কৰিলোঁ,
সঁচা অৰ্থত তুমি মানুহজনেই মিছা
‘বিশ্বাস’ শব্দটো মূল্যহীন কৰিলা
এখন নিমজ হৃদয়
নিমিষতে মোহাৰি পেলালা।

অভিনয়ত পাৰ্গত হ’লেও
বাস্তৱ জীৱনত তুমি বৰ কেঁচা।

error: Content is protected !!