অভিনয়
জীবনৰ এক ৰূপ অভিনয়
সময় ৰূপী মঞ্চত ন ন সাজেৰে
কৰি যায় অভিনয়
চোতালত নাচি বাগি শৈশৱৰ অভিনয়
কিশোৰ যৌৱনত
শিক্ষা -দীক্ষা, প্ৰেমৰ অভিনয়
ৰংমনে অভিনয়ৰ মঞ্চ শুৱাই
পৌঢ় কালত পৰিয়ালৰ বোজা সাৱটি
কেতিয়াবা দুখৰ
কেতিয়াা সুখৰ হাঁহি
নিজৰ তাপ- উমৰে
দুখৰ দিনত সুখৰ অভিনয়ে
জীবনৰ বাঁহীটি বজাই
আলোকৰ শিখা জ্বলায়
নিখুত অভিনয়ে
ঘৰৰ পদুলিমুখত
সুখৰ আল্পনা আঁকে
নৱ সৃষ্টিৰে
অতীতক আঁতৰাই
বৰ্তমানক সজাই
ভবিষ্যতৰ সপোন ৰচে
বৃদ্ধ কালৰ অভিনয়
নাতি – নাতিনীৰে উপভোগ্য হয়
গৰ্ব অহংকাৰ ধূলিত মিলি
যবনিকা পৰে অভিনয়ৰ
বগা কাপোৰ সাজে চোতালত পৰি।।
ইভা গন্ধীয়া ফুকন