অভাৱনীয় বিকাশৰ বাবেই মানুহে এতিয়া বিজেপিক সমর্থন কৰেঃমুখ্যমন্ত্ৰী

অভাৱনীয় বিকাশৰ বাবেই মানুহে এতিয়া বিজেপিক সমর্থন কৰেঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধীয়ে আসন বুজাবুজিৰ জৰিয়তে বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ ঘোষণা- উন্নয়নৰ ধুমুহাই উৰুৱাই নিব বিকাশৰ বিৰোধিতা কৰাসকলক। বিৰোধীৰ ৰণকৌশলক নস্যাৎ কৰি মৰিয়নিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য- অসমখনত আজি অভাৱনীয়, মানুহে কল্পনা কৰিব নোৱাৰা বিকাশ হৈছে যাৰ বাবে ৰাইজে বিজেপিক সমর্থন কৰিছে। যিসকল লোকে নেতিবাচক চিন্তা কৰে, তেওঁলোকক উন্নয়নৰ ধুমুহাই উৰুৱাই নিব। বিকাশৰ বাবেই মই কাম কৰি আছোঁ। ৰাজ্যত এতিয়া নেতিবাচক চিন্তা নোহোৱা হৈছে। যোৱা ৫ বছৰত এটাও আন্দোলন নহ’ল। ইয়াৰ কাৰণ হ’ল বিকাশৰ ধুমুহাৰ বাবেই কোনো নেতিবাচক লোক থিয় হ’ব পৰা নাই। যোৱা ৫ বছৰত বহু আন্দোলন কৰাৰ প্ৰচেষ্টা চলিল। কিন্তু মই অকলে থিয় হৈ থাকিলোঁ। ৰাজ্যত আজি নেতিবাচক লোকসকলৰ বিপৰীতে সকলোৱে মোক সমৰ্থন কৰিছে। কিন্তু নেতিবাচক লোকসকলৰো সংখ্যা কমি আহি থাকিলে অসমত আৰু উন্নয়ন হ’ব। ৰাজ্যৰ যি যি অঞ্চলত বিকাশ বিচাৰে, সেই অঞ্চলৰ নিশ্চিতভাবে বিকাশ হ’ব। আজি অসমত ছেমিকণ্ডাক্টৰ আহিল, চাপৰত থাৰ্মেল পাৱাৰ প্ৰজেক্ট স্থাপন হ’ব, ১৩ মার্চত কপিলী জলবিদ্যুৎ প্রকল্প আৰম্ভ হ’ব, এনেধৰণে নীৰৱে আমি বহু কাম কৰি গৈ আছোঁ। চৰকাৰৰ কামক পূর্ণ সমর্থন কৰা লোকো আছে, কিন্তু প্ৰতিটো স্থানতে ইয়াৰ বিৰোধিতা কৰা লোকো আছে।