অব্যাহত আছে পাৰিষদ দিলিপ কুমাৰ বড়োৰ গাওঁ পৰিদৰ্শন কাৰ্যসূচী

অব্যাহত আছে পাৰিষদ দিলিপ কুমাৰ বড়োৰ গাওঁ পৰিদৰ্শন কাৰ্যসূচী

অমৰজিৎ ৰাভা,ওদালগুৰি, বাৰ্ত্তাসেৱা-  পুনৰ গাঁও পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰিলে পাৰিষদ দিলিপ কুমাৰ বড়োয়ে। উল্লেখ্য যে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে যোৱা ৭ দিনে টংলা পৌৰনিগমৰ পৌৰপতি তথা খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলিপ কুমাৰ বড়োয়ে গাঁও পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰি দৰিদ্ৰ লোকৰ সমস্যা অৱগত হৈ আহিছে । সেয়েহ আজি পুৱাতে পুনৰ নিজ সমষ্টিৰ ভিচিডিচি আৰু গাওঁ পৰিদৰ্শনৰ অন্তিমটো দিন আজি ৰটনপুৰ ভিচিডিচিৰ গাঁও সমূহ পৰিদৰ্শন কৰি দৰিদ্ৰ লোকক চৰকাৰী আঁ‌চনীৰ সহায়ত যেনে , প্ৰধানমন্ত্ৰী আৱাস য়োজনা,ৰেচন কাৰ্ড, জব কাৰ্ড, ইত্যাদি আঁ‌চনীৰ সহায়ত উন্নয়ন কৰাৰ উদ্দেশ্যৰে পাৰিষদ দিলিপ কুমাৰ বড়োয়ে আজি ৰটনপুৰ ভিচিডিচিৰ গাঁও সমূহ পৰিদৰ্শন কৰি কয় যে,  খালিংদুৱাৰ বাসি ৰাইজৰ সমস্যাৰ বুজ লোৱা আজি অন্তিমটি দিন।কালিৰে পৰা সমাধানৰ বাবে আপোনালোকৰ ওচৰলৈ আহিম যিদৰে মই একেৰাহে সমষ্টিৰ গাঁওৱ সমূহ পৰিদৰ্শন কৰি দুখিয়া ৰাইজৰ সমস্যাৰ বুজ ললো সেইদৰেই খুৱ কম সময়ৰ ভিতৰত সকলো সমস্যা মই চৰকাৰী আচনীৰ সহায়ত সমাধান কৰিম বুলি মত প্ৰকাশ কৰে।