অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাক আদৰণিঃ এবিভিপি
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত ABVP অসম প্ৰদেশৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় য’ত বিদ্যাৰ্থী পৰিষদে অসম চৰকাৰে অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা উচ্ছেদ অভিযানক পূৰ্ণ ৰূপে সমৰ্থন আৰু আদৰণি জনায়।বৈঠকত বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে অসমত দশক দশক ধৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পাই ৰাজ্যখনৰ জনসংখ্যাৰ ভাৰসাম্য, সাংস্কৃতিক পৰিচয়, অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ অসম চৰকাৰে চলাই থকা অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযানক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সম্পূৰ্ণ সমৰ্থন জনাইছে। আৰু এই কঠোৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক ধন্যবাদ জনায়।তেওঁ কয় যে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যৰ বহু জিলাৰ মাটি বেদখল কৰি, ভুৱা নথি-পত্ৰৰ ভিত্তিত নাগৰিকত্ব লাভ কৰি স্থানীয় নাগৰিকৰ অধিকাৰ খৰ্ব কৰিছে। ইয়াৰ ফলত অসমৰ খিলঞ্জীয়া লোকসকলৰ জনসংখ্যা, কৰ্মসংস্থাপন আৰু সংস্কৃতিক পৰিচয়ত গুৰুতৰ ক্ষতি হৈছে।ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে এই বাংলাদেশী অনুপ্ৰৱেশকাৰীসকল কেৱল অসমৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ ভাৰতৰ নিৰাপত্তাৰ বাবেও এক ভয়াৱহ ভাবুকি হৈ পৰিছে৷তেওঁ কয় যে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাটো অসমৰ জনজীৱন আৰু স্থানীয় জনগোষ্ঠীৰ ভৱিষ্যতৰ বাবে অপৰিহাৰ্য বুলি এবিভিপিয়ে বিশ্বাস কৰে। এই কাৰ্য্য সংবিধান আৰু আইন অনুযায়ী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত। ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে অসমত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ উপস্থিতিয়ে ভোট বেংকৰ ৰাজনীতিক প্ৰসাৰিত কৰিছে, যিয়ে গণতন্ত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। অসম চৰকাৰৰ এই ৰাষ্ট্ৰীয় কল্যাণমূলক পদক্ষেপক এবিভিপিয়ে সমৰ্থন জনাইছে আৰু অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ দাবী জনাইছে। অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক ততাতৈয়াকৈ অসমৰ পৰা খেদি পঠিয়াব লাগে আৰু এঠাইত উচ্ছেদিত হৈ এই অনুপ্ৰৱেশকাৰী সকল যাতে আন ঠাইলৈ প্ৰব্ৰজন কৰিব নোৱাৰে ইয়াৰ প্ৰতিও চৰকাৰে বিশেষ গুৰুত্ব দিব লাগে। বিভিন্ন স্থানত বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত এই অনুপ্ৰৱেশকাৰীসকলে আৰক্ষী বাহিনীৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লৈছে। চৰকাৰ তথা আৰক্ষী প্ৰশাসনে এই অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে।গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম কলিতা, সুমিত্ৰা পায়ং, টিংকু কুমাৰ বড়ো, গুৱাহাটী মহানগৰ সম্পাদক মাধুৰ্য প্লাবন তালুকদাৰ, বিশাল টেপাৰী সোণোৱাল, হৰি প্ৰসাদ টাইত, ববিতা নাৰ্জাৰী, হৃতন ৰায়, গীতাঞ্জলি ৰাভা, আদিত্য দে’, ৰুবুল ৰাজখোৱা, পলাশ ৰঞ্জন শইকীয়া, ৰূপম গগৈ, ধৃতাশ্ৰী ডেকা, মানৱ বুঢ়াগোহাঁই, জিৰছাং ইংলাং, অবিনাশ ফংলো, ঋতুৰাজ দত্ত সহিতে বহু কেইজন কাৰ্যকৰ্তা উপস্থিত থাকে।