অবৈধ নাগৰিক চিনাক্ত কৰণৰ নামত হাৰাশাস্তি

অবৈধ নাগৰিক চিনাক্ত কৰণৰ নামত হাৰাশাস্তি

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৪ মে’ত ভাৰতৰ গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহলৈ ৩০ দিনৰ ভিতৰত অবৈধ বাংলাদেশী নাগৰিক চিনাক্তকৰণ কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পাছৰ পৰাই অসম চৰকাৰৰ আৰক্ষী বিভাগ আৰু সীমান্ত আৰক্ষীয়ে বিদেশী চিনাক্তকৰণৰ নামত মাথোন সন্দেহৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন জিলাত শ্ৰমিক হিচাপে কাম কৰি থকা সংখ্যালঘু সম্প্ৰদায়ৰ দুখীয়া মানুহক ব্যাপক হাৰত গ্ৰেপ্তাৰ কৰি থকা সম্পৰ্কত এছ ইউ চি আই( কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিয়ে এক বিবৃতি যোগে কয় যে, অসম চৰকাৰে উপযুক্ত ন্যায়িক প্ৰক্ৰিয়াৰে বিদেশী চিনাক্তকৰণৰ পথত নগৈ যি ধৰণে প্ৰশাসনিক প্ৰক্ৰিয়াৰ পথত আগবাঢ়িছে সেয়া শুদ্ধ পথ নহয়। ইয়াৰ মাজেৰে প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সম্মুখীন হব আৰু তেনে অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। ৰাজ্যিক কমিটিয়ে এই অভিমত ব্যক্ত কৰে যে, একমাত্ৰ ন্যায়াধিকৰণৰ বিচাৰৰ মাধ্যমেৰে বিদেশী নাগৰিক হিচাপে চিনাক্তকৰণ কৰাৰ পিছতহে চিহ্নিত বিদেশীক বহিষ্কৰণৰ ব্যৱস্থা কৰিব লাগিব। ন্যায়ালয়ৰ দ্বাৰা চিহ্নিত বিদেশী নাগৰিকক বহিষ্কৰণৰ ক্ষেত্ৰত দলৰ অসম ৰাজ্যিক কমিটিৰ দৃঢ় অভিমত এয়ে যে, এই ক্ষেত্ৰত দেশৰ প্ৰাসংগিক আইন আৰু সংশ্লিষ্ট আন্তৰ্জাতিক আইন আৰু ৰীতিৰ ভিত্তিত ন্যায়ালয় কৰ্তৃক চিহ্নিত বিদেশী নাগৰিকক,তেওঁৰ নিজৰ দেশৰ চৰকাৰৰ লগত আলাপ-আলোচনাৰ মাধ্যমেৰে, সেই দেশৰ চৰকাৰৰ সন্মতিৰ ভিত্তিত তেওঁলোকক নিজ দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব। সেয়ে,বিদেশী চিহ্নিত কৰা কাৰ্য প্ৰক্ৰিয়াত কোনো প্ৰকৃত ভাৰতীয় নাগৰিক যাতে হাৰাশাস্তিৰ সম্মুখীন হব লগা নহয় তাক সুনিশ্চিত কৰিবলৈ একমাত্ৰ ন্যায়িক প্ৰক্ৰিয়াৰে বিদেশী প্ৰমাণিত কৰাৰ প্ৰক্ৰিয়া অনুসৰণ কৰাৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাও৷