অৱলোকন
অবাঞ্ছনীয় (Unexpected)
কনক শৰ্মা,দমদমা-হাজো
হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২৬ ৰ পৰীক্ষাৰ্থী এজনৰ অভিভাৱক এগৰাকীয়ে বৰ দুখেৰে ফোন কৰি মোক জনালে যে পৰীক্ষা গৃহত কোনো শিক্ষকে হেনো পৰীক্ষাৰ্থী সকলক সহায় কৰিবলৈ গৈ বহু প্ৰশ্নৰ উত্তৰ ভুলকৈ দিলে। তেওঁৰ ল’ৰাটোৱে শিক্ষকজনৰ কথা মতে হেনো শুদ্ধ উত্তৰবোৰ কাটি অশুদ্ধ উত্তৰবোৰ লিখি থৈ আহিল।
পৰীক্ষাগৃহত শিক্ষকে নকল যোগান ধৰা বা-বাতৰিৰে খৱৰৰ কাকতৰ শিৰোনাম দখল কৰা কথাটো অসম মূলুকত এক পৰম্পৰাগত কথালৈ পৰ্য্যৱসিত হৈছে।
চৰকাৰে নকল ৰোধৰ ক্ষেত্ৰত যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ‘বেৰাই যেতিয়া শহ খায়’ চৰকাৰৰ উপাই কি ?
অভিভাৱক গৰাকীয়ে অভিযোগ কৰিছে যে শ্ৰেণী কোঠাত হেনো শিক্ষকজনে পাঠদান কাৰ্য্যত ফাকি দিওতে যায়। যেনে তেনে মাত্ৰ সময়খিনিহে কটায়। অথচ পৰীক্ষা গৃহত ভুল উত্তৰৰ পণ্ডিতালিৰে ছাত্ৰ ছাত্ৰীৰ ‘কেৰিয়াৰ’ ধ্বংস কৰে।
অভিভাৱকজনৰ অভিযোগ নস্যাৎ কৰিব পৰা বিধৰ নহয়।
বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ডাঙৰীয়াই প্ৰান্তিকৰ ‘শেষ পৃষ্ঠা’ শিতানত ১১৷৮৷১৯৮৭ ইং তাৰিখে “মাৰ্কশ্বিট ” শীৰ্ষক নিবন্ধ এটিত শিক্ষক নিযুক্তিৰ মাপকাঠি হিচাপে যদিও শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বিট বা প্ৰমাণ পত্ৰখনকে প্ৰাধান্য দিয়া হয় তথাপিও সংশ্লিষ্ট সমাজ একোখনেহে যে শিক্ষকৰ যোগ্যতাৰ প্ৰকৃত ‘মাৰ্কশ্বিট ‘ একোখন দিয়ে সেই কথা সাৱলীল ভাবে বৰ্ণনা দিছে।
তেখেতে লিখিছে, –” আমিও ছাত্ৰ আছিলোঁ। আমি শিক্ষকক অৰ্হতা-যোগ্যতা-দক্ষতা-সামাৰ্থ্যৰ নম্বৰ দিয়া নাছিলোঁ ; কিন্ত্ত প্ৰত্যেকজন শিক্ষক সম্পৰ্কে ছাত্ৰ সমাজৰ একোটা মতামত আছিল আৰু সেই মতামত শিক্ষকজনৰ কাৰণে মূল্যবান সম্পদ বা ক্ষতিকৰ উপাদান আছিল। সেই অৱস্থা আজিও আছে ; বৰং সময়ৰ সোঁতত ছাত্ৰ-শিক্ষক-অভিভাৱকৰ চৰিত্ৰ সলনি হোৱাৰ কাৰণে সেই অৱস্থা আজি অধিক প্ৰকট হৈছে। ‘অমুক ছাৰৰ ক্লাছটো কোনোমতেই মিছ কৰিব নোৱাৰি ভাই’ — এই কথাষাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মুখত আজিও শুনা যায়। ( এই উক্তিৰ বিপৰীতেও হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে মন্তব্য কৰে।)”
শিক্ষক বা শিক্ষয়িত্ৰী একোগৰাকীৰ শিক্ষণকলা বা জ্ঞান-গৰিমাৰ সম্পৰ্কত ছাত্ৰ সমাজৰ মতামত সম্পৰ্কত তেখেতে নিবন্ধটোত লিখিছে, — ” যাৰ বিষয়ে এইবোৰ কথা কোৱা হয় তেওঁ এই শব্দবোৰ নুশুনিবও পাৰে কিন্ত্ত তেওঁৰ অন্তৰে উপলব্ধি নকৰে নে ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষক হিচাপে তেওঁৰ অৱস্থান কেনেকুৱা ? পঢ়াখিনি বুজাব পাৰিলোনে, ল’ৰা-ছোৱালীবোৰে মন দিয়া যেন লাগিল নে, ক্লাছটো কেতিয়া শেষ হয় তাৰ বাবে কিছুমানে উচপিচাই আছিল নে, প্ৰশ্ন কেইটিৰ সন্তোষজনক উত্তৰ দিব পাৰিলোনে, — এইবোৰ প্ৰশ্ন এজন শিক্ষকৰ মনলৈ সদায় আহে নে নাহে ? (তাৰ উত্তৰবোৰ কিন্ত্ত ছাত্ৰ ছাত্ৰীবোৰে জানে।) প্ৰত্যেক বুদ্ধিমান শিক্ষকে জানে , — এইবোৰ প্ৰশ্নৰ উত্তৰেহে তিল তিলকৈ এখন নতুন মাৰ্কশ্বিটৰ সৃষ্টি কৰে।”
তেখেতে নিবন্ধটোৰ শেষত শিক্ষকতা বৃত্তিটোৰ গুৰুত্ব আৰু মহত্ত্বৰ সম্পৰ্কত অভিমত প্ৰকাশ কৰি লিখিছে, — ” এইটো চাকৰিৰ ওপৰত সমগ্ৰ জাতিৰ উত্থান-পতনৰ ইতিহাসৰ চকু আছে ; এইটো চাকৰিত বিবেকৰ তীব্ৰ অশান্তিৰ প্ৰশ্ন আছে।”
ডঃ শইকীয়া ডাঙৰীয়াৰ উপলব্ধি নিশ্চয় সমগ্ৰ শিক্ষক জাতিটোৰো উপলব্ধি। তেনেক্ষেত্ৰত মুষ্টিমেয় দুই এগৰাকী নামধাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে বৃত্তিটোৰ পবিত্ৰতাক কলুষিত কৰা কাম কাজক শিক্ষক সংস্থা সমূহে মাত্ৰ গৰিহণা দিয়াতে শান্ত নাথাকি চৰকাৰক সহযোগ কৰিব লাগে যাতে আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেনে ছদ্মবেশী শিক্ষক শিক্ষয়িত্ৰীয়ে কঠোৰ শাস্তি পাব পাৰে।
