অবাঞ্চিত ধুমুহাৰ বৃষ্টি
ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়
তুমি মোৰ হৈ থাকিলে
কাষলৈ নালাগে মাতিব
প্ৰতিটো উশাহত তুমি
তোমাৰ প্ৰেমৰ বৰষুণত
বাৰুকৈয়ে তিতিলোঁ
সেয়ে সকলো ক’লো খুলি৷
হৃদয়ৰ স্পন্দনত তুমি
কলিজা স্পৰ্শ কৰি নাযাবা আঁতৰি ,
মোৰ প্ৰতিটো হাঁহিৰ আৱৰণত
সদায়েই লুকাই আছা তুমি,
অন্তৰত বাৰুকৈ দুখ লাগে
তুমি দিয়া কঠোৰ শব্দৰ প্ৰতিধ্বনি
নোৱাৰোঁ সহিব আবতৰীয়া
অবাঞ্চিত ধুমুহাৰ বৃষ্টি !!!