অবশেষত অন লাইন ট্ৰেডিংৰ অভিযুক্ত চুমি বৰা তাৰ্কিক বৰা আৰু অম্লানক জে’ললৈ প্ৰেৰণ::লগে লগেই জামিনৰ আবেদন অধিবক্তাৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় আৰক্ষীয়ে অনলাইন ট্ৰেডিং ব্যৱসায়ত জৰিত চুমি-তাৰ্কিক আৰু অম্লানক মহামান্য আদালতে পাঁচদিনৰ আৰক্ষীৰ জিম্মাত থকাৰ পাছত ম্যাদৰ (১৭ চেপ্টেম্বৰ) অন্তিম দিন দিছিল।ডিব্ৰুগড় আৰক্ষীয়ে চুমি বৰা, তাৰ্কিক বৰা আৰু অম্লানক অন্তিম দিন হোৱাত ডিব্ৰুগড় জিলা সত্র ন্যায়াধীশ আদালতত তিনি অভিযুক্তক হাজিৰ কৰোৱায়।অম্লান,তপন বৰা ওৰফে তাৰ্কিক বৰা আৰু চুমি বৰাক ডিব্ৰুগড় জিলা সত্র ন্যায়াধীশ আদালতত হাজিৰ কৰা হৈছিল যদিও আৰক্ষী প্ৰশাসনে পুনৰ নিজৰ জিম্মাত লোৱাৰ আবেদন কৰা নাছিল আৰু সেইবাবে মহামান্য আদালতে তিনি অভিযুক্তক ডিব্ৰুগড়ৰ জে’ললৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে এই তিনি অভিযুক্তক সাতদিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে পাঁচদিনৰ বাবেহে আৰক্ষীৰ জিম্মাত দিছিল আৰু এই সময়চোৱাত শীৰ্ষ আৰক্ষীয়ে অভিযুক্ত সকলোক জেৰা অব্যাহত ৰাখে। অৱশ্যে চুমি বৰা, তাৰ্কিকৰ বাবে জামিনৰ বাবে আবেদন কৰা বুলি চুমি তাৰ্কিকৰ অধিবক্তাই জানিবলৈ দিয়ে। ডিব্ৰুগড় থানাত বিশালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। বৰ্তমানে বিশাল জেলৰ ভিতৰত আৱদ্ধ হৈ আছে। কোটি কোটি টকা বিভিন্ন জনৰ পৰা আহৰণ কৰি বিলাসী জীৱন কটোৱা বিশাল, চুমি, তাৰ্কিকে নিজে আহি ডিব্ৰুগড়ৰ আৰক্ষীৰ তাত আত্মসমৰ্পণ কৰিছিল বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। চুমি বৰাই পয়সত্তৰ লাখ টকীয়া হীৰাৰ আঙুঠিটোৰ আজিও কোনো সন্ধান নোলাল। সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে ডিব্ৰুগড়ৰ কেবাজনো ব্যক্তিৰ লগত চুমি আৰু বিশালৰ ধনৰ লেনদেন হৈছিল। আৰক্ষীৰ অনুসন্ধানৰ বাবে এতিয়া ৰাইজে বাট চাই আছে আৰু সঠিক তদন্তৰ কেনেদৰে আগবাঢ়ে।