অবক্ষয় সমাজৰ নে মানৱৰ – অৰ্ণৱ কটকী

অবক্ষয় সমাজৰ নে মানৱৰ

অৰ্ণৱ কটকী
জাঁজী যোৰহাট

লাহে লাহে যেন অবক্ষয় ঘটিছে সমাজ ব্যৱস্থাৰ তাৰ বাবে দায়ী কোন আমি মানৱ সমাজেই নহয় জানো! শিক্ষা,সংস্কৃতিৰ উত্তৰণৰ পথত এনে অবক্ষয় কিমান দূৰ গ্ৰহণ যোগ্য। হেৰাই গৈছে যেন অনুভৱ হয় আমাৰ সমাজৰ পৰা নৈতিক দায়িত্ববোধ, মানৱ প্ৰেম, শালীনতা, শিষ্টাচাৰ ইত্যাদি অলংকাৰ। লেতেৰা ৰাজনীতিৰ মেৰপাকত বন্দী হৈ সমাজ খনটো ঘূণে ধৰিলে । দোষ কাৰ? সমাজৰ নে মানৱৰ । নিয়ম বনোৱা মানুহেই যদি নিয়ম ভাঙে তেনে সেই নিয়মৰ মূল্য ক’ত?

ৰক্ষককেই যদি ভক্ষক হয় তেন্তে বিশ্বাসৰ থল ক’ত?

আমি সকলো একেই মানুহ বুলি কোৱা জনেই যদি ধৰ্মৰ নামত ভাঙি দিয়ে সমাজ খন তেনে সেই ব্যক্তিৰ কথাৰ মূল্য ক’ত?

সঁচাকৈ ভয়াবহ ৰূপত ক্ষতি হৈছে অসম আৰু অসমীয়াৰ। সমাজ আৰু আমাৰ মানৱ জাতিৰ। অবক্ষয়ৰ গৰা খহনীয়াৰ গৰাহত সমাজ ব্যৱস্থাৰ লগতে সমগ্র মানৱ জাতি। সুস্থ নিকা এখন সমাজ নিৰ্মাণ কৰোঁ আহক। য’ত মূল্য থাকিব প্ৰতিজন ব্যক্তি জীৱনৰ।