অপৰিৱৰ্তীত গুৱাহাটীৰ বান পৰিস্থিতি

pc the sentinel assam

অপৰিৱৰ্তীত গুৱাহাটীৰ বান পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা- বানত বিধ্বস্ত গুৱাহাটী মহানগৰ।অপৰিৱৰ্তীত গুৱাহাটীৰ বান পৰিস্থিতি।ভৰলু নৈ ওফন্দি উঠাত পানী নিষ্কাষণত বিফল প্ৰশাসন।অনিল নগৰ,নৱীন নগৰ, হাতীগাঁও,ৰুক্মিণীগাঁৱত হাহাকাৰ পৰিস্থিতি।অনিল নগৰ, নৱীন নগৰ এতিয়াও পানীৰ তলত।বহু লোকৰ ঘৰৰ ভিতৰত এবুকু পৰ্যন্ত পানী।বানৰ ফলত একাংশ লোকৰ খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতি।ঠায়ে ঠায়ে প্ৰশাসনে যোগান ধৰিছে খাদ্য-সামগ্ৰী, অন্যান্য সাহায্য।ভঙাগড়ত স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ।বহু ঠাইত মঙলবাৰৰ পৰা নাই বিদ্যুত্‍ সেৱা। SDRFএ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।