অপৰিপূৰ্ণ
ৰশ্মি ৰেখা দুৱৰা
গাত ফটা কাপোৰ
মুখত ম্লান পৰা হাঁহি
হাঁড় কঁপোৱা জাৰত পথেৰে ঘূৰি ফুৰিছে
এমুঠি ভাতৰ বাবে
কাৰোবাৰ ঘৰত এপলক ৰৈছে,
ঠাণ্ডাত কঁপি কঁপি ৰাতি পথৰ দাঁতিতে
শুই পৰে নিদ্ৰাৰ কোলাত।
অচিনাক্ত ব্যক্তিজন এতিয়া
চৌপাশে চৰ্চিত,
টিভিত এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ
নিৰুদ্দেশ হোৱাৰ খবৰে
ৰাজ্যজুৰি তোলপাৰ লগাইছে,
সম্ভ্ৰান্ত পৰিয়ালৰ লোক
টিভি স্ক্ৰীনত দিয়া ফটোখনৰ লগত
পথৰ দাঁতিত শুই পৰা
ব্যক্তিজনৰ মিল আছে,
এইজনেই সেইজন নহয়তো!
অভাৱ নাছিল টকা-পইচা,সা-সম্পত্তি
পত্নী,পুত্ৰ-বোৱাৰী,নাতিৰে ভৰা ঘৰখনত।
অভাৱ আছিল মিলাপ্ৰীতিৰ
এষাৰ মৰমৰ মাতৰ।
বিশৃংখলতাৰ পৰিৱেশত থাকিব নোৱাৰি
অৰঙে দৰঙে ঘূৰিল
পালে নতুন ঠিকনা,
পথৰ দাঁতিতে সীমাহীন সুখ
আঁকোৱালি লৈছে এজন নতুন লগৰীক।
