অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ মহানগৰ আৰক্ষী
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত বিগত কিছুদিনৰ পৰা নিৰাপত্তা ব্যৱস্থা উদ্বেগজনকভাৱে বিঘ্নিত হৈছে৷ চলিত সপ্তাহতে, ২১ নৱেম্বৰৰ দিনা পাঞ্জাবাৰী অঞ্চলত ৰঞ্জিত বৰা নামৰ এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ীক দিন দুপৰতে দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে৷ উক্ত ঘটনাৰ সৈতে জড়িত অপৰাধীৰ চিনাক্ত কৰা হৈছে বুলি সেইদিনাই মহানগৰ আৰক্ষীয়ে ঘোষণা কৰিছিল যদিও আজি তিনিদিন অতিক্ৰম হৈ যোৱাৰ পিছতো আৰক্ষীয়ে অপৰাধীৰ গ্ৰেপ্তাৰ কৰিব পৰা নাই৷-এই মন্তব্য আপৰ প্ৰিন্স ফাইজুল হ’কে৷আজি অনুষ্ঠিত সংবাদ মেলত হকে পুনৰ কয়- পিছদিনা ২২ নৱেম্বৰ তাৰিখে মহানগৰীৰ একাধিক ঠাইত দুস্কৃতিকাৰীয়ে মহিলাৰ ডিঙিৰ চেইন কাঢ়ি উধাও হৈ যোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ কালি ২৩ নৱেম্বৰৰ পুৱতি নিশা গণেশগুৰি নয়নপুৰত ডমিনোজ পিজাত নিৰাপত্তাৰক্ষীক বান্ধি থৈ ডকাইতি সংঘটিত কৰে দুৰ্বৃত্তই৷ এনেকৈ প্ৰতিদিনেই মহানগৰীৰ বিভিন্ন স্থানত অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাই আহিছে৷ এনে ধাৰাবাহিক অপৰাধৰ খবৰে মহানগৰবাসীক উদ্বিগ্ন কৰি ৰাখিছে৷অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে অনুভৱ কৰে যে মহানগৰ আৰক্ষীৰ ব্যৰ্থতাৰ বাবে এনে ঘটনাবোৰ সংঘটিত হৈ আহিছে৷ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু জনসাধাৰণক উপযুক্ত ধৰণে নিৰাপত্তা প্ৰদান কৰিব পৰা নাই৷আনহাতে, অসম জাতীয় পৰিষদে বৰ উদ্বিগ্নতাৰ সৈতে লক্ষ্য কৰিছে যে ৰাজ্য চৰকাৰে অসম আৰক্ষীক ৰাজনৈতিক প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ ধৰাৰ পিছৰে পৰাই আৰক্ষীৰ দক্ষ্যতা হ্ৰাস পাইছে আৰু তাৰ পৰিণতি স্বৰূপে অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে আৰক্ষী৷অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে মহানগৰবাসীৰ নিৰাপত্তাহীনতাৰ দিশটোৰ প্ৰতি ধ্যান দিবলৈ মহানগৰ আৰক্ষীক আহ্বান জনায়৷ লগতে আৰক্ষীক ৰাজনৈতিক স্বাৰ্থত যাতে কোনেও ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতিও সচেষ্ট হৈ থাকিবলৈ অসম আৰক্ষীৰ শীৰ্ষ কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায় অসম জাতীয় পৰিষদে৷