অপৰাজিতা – আয়নাল হক

PC - Pythagoras.gr
অপৰাজিতা
আয়নাল হক, ধুবুৰী 
অপৰাজিতা,
তোমাক বহুত কথাই
নহ’ল কোৱা।
অনুকূল পৰিৱেশৰ অন্বেষণত
হেৰুৱালোঁ বহুতো মূল্যৱান সময়।
গোপনেই ৰ’ল
ক’ব লগা মনৰ কথা।
আজি কিন্তু ক’ম–
তুমি সঁচাকৈ অনন্যা।
মোৰ অনুভৱৰ উৰ্ধত
তুমি যেন নন্দন-কাননৰ
এপাহি সুগন্ধি হাস্নাহানা–।
তোমাৰ অমূল্য লেখাৰে
নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰি
সাহিত্যৰ পথাৰত
যি নাম ৰাখিলা
তাৰবাবে তোমাক
পুনৰ অভিনন্দন জনালোঁ।
জয়ী হোৱা জীৱন পথত
তোমাৰ প্ৰতি
সদায় আছে মোৰ শুভ কামনা…।