অপ্ৰিয় সত্য
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
চৌদিশে ধ্বংসৰ বিকৃত তাণ্ডৱত
সকীয়নিমূলক সুপ্ত বাৰ্তা তথাপিও
স্বাৰ্থৰ বজাৰত ঈমান বিক্ৰী কৰি
তাকওৱাৰ অভাৱত
অসুস্থ আজি সমাজ…. ।
ৰজাৰ দৰে শাসন কৰা পূৰ্বপুৰুষৰ
সেই প্ৰবল গৰ্জন পাহৰি
পেটৰ ভোকৰ তাৰণাত আৰু
আৰামত জীয়াই থকাৰ বৃথা চেষ্টাত
বন্দী মিছা মায়াত…।
সুদ নাখায় ধৰ্মত হাৰাম কৰ্ম বুলি
জিনা-ব্যবিচাৰৰ পৰাও থাকে আঁতৰত
কিন্তু আনৰ সম্পদ আত্মসাত কৰি
পৰনিন্দা, পৰচৰ্চাৰ বিশাল মেল পাতি
ব্যস্ত নিজক পৱিত্ৰ ৰখাত..।
শোওৱৰ খোৱা নিষিদ্ধ হাদিছ পঢ়ে
সৃষ্টিকৰ্তা এজন এই কথাও মানে
আড্ডাত অন্যজনৰ গীবত গাই
বিপদত ধৰ্য্য হেৰুৱাই পেলাই
অটল থাকে তাৱাক্কুলত..।
আখিৰাতৰ ভয় সৰ্বদা মনত জাগে
ইবাদত কৰিব লাগে বুলি ভাবে
জাক-জমক পৃথিৱীৰ ৰঙত বিভোল হৈ
কৰ্ম জীৱনত ব্যস্তৰ পাহাৰ গঢ়ি
হাহাকাৰ কৰে জীৱনত..।
সীমালঙ্ঘনকাৰীৰ শাস্তিৰ বৰ্ণনা শুনি
ফেৰাউন, নামৰুদলৈ কৰুণা জাগে মনত
স্ৰষ্টাৰ নীতি-নিয়ম পাহৰি আজি
মৰীচিকাৰ পিছে পিছে দৌৰি
উপলব্ধি নাই কোনো এটাত..।
জাহান্নামৰ কঠোৰ শাস্তি লৈ ভয় বহুত
জান্নাত নিয়ামত পোৱাৰ সপোন হৃদয়ত
গালি, অপকৰ্ম, অন্যায়ক সঙ্গী কৰি
দান-সদকা, সদাচাৰ পাহৰি
শান্তিৰ আশা দুচকুত…।
