অপ্সৰা –  মুন শৰ্মা

Pc Unsplash
অপ্সৰা 
অন্ধকাৰ ৰাজ্যত পোহৰৰ মেলা,
বিশাল গহ্বৰত প্ৰমিলাৰ খেলা,
সুৰৰ লহৰত বাদ্যৰ ছন্দত,
মৃদং, কাঁহৰ তালে তালে,
তুমি কৰা মোহিত নৃত্যত,
জয়াল গহ্বৰত  মুহূৰ্ততে সৃষ্টি,
মায়াবী সুন্দৰীৰ এখন লীলা মনোৰম।
কোন তুমি অপ্সৰা ক’ৰ তুমি অপ্সৰা,
কাৰ সান্নিধ্যৰ হেঁপাহত তুমি ইমান ৰাতি,
নিসংগ নিশব্দ সুবিশাল পাতালত,
কাৰ বাবে কৰিছা নৃত্য এমুঠি প্ৰেমৰ।
কবা নেকি  অপ্সৰা মনৰ কথা?
আৰু তোমাৰ বৰ্ণনা দিয়া,
জনা লোভত পৰি আজি মই অকলে,
গভীৰ নিশা ইয়াত বিচৰণ,
সমল বিচাৰি কবিতা লিখাৰ।
ভয়ত কঁপিছে মোৰ সমগ্ৰ দেহা,
নাজানো উভতাই পাওঁনে পোহৰ,
তথাপি বিচাৰো লিখিব তোমাক,
তোমাৰ বৰ্ণনা পোহৰ দেশত যে,
বিতোপন,অনুপম, বিচিত্ৰ  ৰূপত।
      মুন শৰ্মা, লখিমপুৰ