অপেছাদাৰী নাট্য গোষ্ঠী জেংৰাই অসমৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, মঙ্গলদৈত নাট মঞ্চস্থ

অপেছাদাৰী নাট্য গোষ্ঠী জেংৰাই অসমৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, মঙ্গলদৈত নাট মঞ্চস্থ

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  জিলা পুথিভঁৰাল, মঙ্গলদৈৰ প্ৰেক্ষাগৃহত যোৱা ১৫ জুলাইত জেংৰাই অসম নাট্য গোষ্ঠীৰ দুখনকৈ নাট মঞ্চস্থ হয়। নাট দুখন হৈছে গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অভিনীত, বিশ্বজিৎ ডেকাৰ ৰচনা,টিম জেংৰাইৰ পৰিচালনাৰে মঞ্চস্থ হোৱা শিশু নাট ” টলৌ খুড়াৰ হলৌ চোলা” আৰু জেংৰাই অসমৰ এই বৰ্ষৰ বহুল চৰ্চিত আৰু জনপ্ৰিয় , ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত বিশ্বজিৎ ডেকাৰ ৰচনা, পৰিচালনাৰে “ডিগনীতি অৱ লেবাৰ” । উক্ত দুয়োখন নাটত শিশু, চেমনীয়া আৰু জ্যেষ্ঠ সকলৰ সাৱলীল অভিনয়ে প্ৰায় তিনি শতাধিক দৰ্শকক মোহাচ্চন্ন কৰি ৰাখে। দুয়োখন নাটত বাস্তৱ পৰিস্থিতি সুন্দৰ কৈ উপস্হাপন কৰি নাট গোষ্ঠীটোৱে উপস্হিত দৰ্শকৰ প্ৰশংসা বুলিবলৈ সক্ষম হয়। এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্যসূচীৰ শুভউদ্বোধক বিশিষ্ট চিকিৎসক,সুসাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে কয় ” জেংৰাই অসমৰ নাট নিৰ্বাচন আৰু উপস্হাপন শৈলী অনন্য। জেংৰাই নামে ইয়াৰ পৰিচয় বহন কৰে। মই নাট উপভোগ কৰি আপ্লুত। নাট্য গোষ্ঠীৰ উত্তৰোত্তৰ কামনা কৰি সকলো কুশীলৱলৈ মোৰ শুভাশীষ জনাইছোঁ ।” নাটৰ সামৰণিত উপস্হিত থকা নাট্য গোষ্ঠীৰ উপদেষ্টা, নাট্য সংগঠক তথা বিশিষ্ট ব্যক্তি সকলে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰে।‌ জিলা প্ৰশাসনৰ লগতে আৰক্ষী বিভাগৰ কেবাজনো উচ্চ পদস্থ বিষয়াই নাট সন্ধা উপভোগ কৰি উদ্যোক্তা সকলক উৎসাহিত কৰে।‌ উল্লেখ্য যে নাট মঞ্চস্থৰ পূৰ্বে গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ এখন বিশেষ চিত্ৰ প্ৰদৰ্শনী মুকলি কৰাৰ লগতে, প্ৰশিক্ষাৰ্থীসকলৰ ‘আৰাধনা অনুষ্ঠান’ আৰু সুৰ, সঙ্গীত বাদ্যৰ বিশেষ অনুষ্ঠান ‘সুৰৰ জিনজিৰি’ পৰিবেশন হয়।