অপেক্ষা – সত্যজিৎ গগৈ

Pc Christian Connection
অপেক্ষা
 সত্যজিৎ গগৈ,নাহৰকটীয়া
তোমাৰ চেঁচা পৰি যোৱা
কোমল হাতৰ আঙুলিবোৰ
কমলাৰঙীণ ওঁঠৰ হাঁহিবোৰ
কজলা মেঘৰ দৰে
মন আকাশেদি উৰি যায়,
কোনোবা অচিনাকিয়ে লৈ আহে
মোৰ চৌপাশৰ শীতল সমীৰণ
লাজুকী লতাৰ লাজে
চকু দুটাক জোকাই থাকে
তুমি আহিবা বুলি কৈ…