অপেক্ষা – জোনমণি গোহাঁই

চুটিগল্প
অপেক্ষা
জোনমণি গোহাঁই, লখিমপুৰ
আজি উপাসনাৰ মন উচপিচাই আছে। কেতিয়া ৰাতি পুৱা হব। সিহঁতৰ গাওঁৰ “বিৰিণা ” যুৱ মঞ্চৰ সৌজন্যত লেখিকা সমাৰোহ এখন আয়োজন কৰা হৈছে। সমাৰোহলৈ বৰ্তমান অসমৰ প্ৰতিষ্ঠ সু সাহিত্যক অনিৰুদ্ধ বৰুৱাক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।সুলেখক গৰাকীৰ লিখনি বোৰ পঢ়ি কেতিয়ানো তাই গল্প , কবিতা লিখিবলৈ আৰম্ভ কৰিলে নিজেই তাৰ উমান নাপালে।
তাইৰ প্ৰেৰণা উৎস লেখক গৰাকীক চোৱা আৰু বাৰ্তালাপৰ  দুৰ্বাৰ হেঁপাহ সংগোপনে বুকুত খোপনি পুতিছিল অজানিতে। অবশ্যে লেখক  গৰাকীৰ লগত মাজে সময়ে চিঠি আদান প্ৰদান হয়। ব্যস্ত মানুহ জনক আমনি কৰিবলৈ সত নাযায় তাই। কিজানি তেখেতৰ
সৃষ্টিত বাধা হয়।
নিদিষ্ট সময়ত সভাখন আৰম্ভ হ’ল যদিও ঘোষক গৰাকীয়ে সম্বৰ্ধনা অনুষ্ঠানত প্ৰিয় সাহিত্যিকজনৰ নাম ঘোষণা নকৰাত উপাসনা মনে মনে হতাশ হয়। তথাপি কোনো মতে নিজকে চম্ভালি সভাৰ কামত সহযোগ কৰি গ’ল। সন্ধিয়াৰ আগে আগে গধূৰ মন এটা লৈ ঘৰলৈ উভতি আহিল তাই। উপসনাৰ মাকে
জীয়েক সোনকালে ঘৰলৈ অহাত আচৰিত হ’লেও পেটে পেটে কিন্তু ভালেই পালে। ছোৱালী মানুহ বেছি দেৰিলৈ ঘৰৰ বাহিৰত থকাটো তেওঁ একেবাৰে পছন্দ নকৰে।
ঘৰ পাই কাপোৰ সাজ সলাই হাত, ভৰি ধুই থাকোঁতেই তাইৰ ফোনতো বাজি উঠে। এটা অচিনাকী নম্বৰ জিলিকি থাকে মোৱাইলৰ স্ক্ৰীনত। তাই ফোন কাটি দিয়ে। পুনৰ একেটা নম্বৰ জিলিকি থাকে। অশান্ত মনেৰে এইবাৰ ফোনটো ৰিচিভ কৰিলে তাই। সিফালৰ পৰা ভাঁহি আহিল এক অচিনাকী  পুৰুষ কণ্ঠ। প্লিজ ফোন নাকাটিবা উপা, মই অনিৰুদ্ধ বৰুৱাই কৈছো। তোমাৰ ফোন নম্বৰ কোনো মতে বিচাৰি লৈ ফোন কৰিছো। নবাৰুন দুৱাৰ মোৰ ছদ্মনাম। তোমাক ছাৰপ্ৰাইজ দিম বুলিয়ে কোৱা নাছিলো জানা। তোমাক লোভকণ মনৰ পৰা সামৰিব নোৱাৰি ! অলপ ধেমালি কৰিলোঁ। আৰু এটা কথা কওঁ দেই , তোমাক খং কৰিলে কিন্তু ধুনীয়া দেখি ।অজানিতে কৰা ভুলৰ বাবে ক্ষমা কৰি  দিয়ানা।প্লিজ খং কৰি নাথাকিবা দেই ।উপা তুমি শুনিছানে ।কিবা এটাটো কোৱা। আজি মই বন্ধু এজনৰ ঘৰত থাকিম আৰু কালিলৈ তোমাক লগ কৰিম। তোমাৰ লগত বহুত কথা পাতিবলৈ আছে। পুৱা এই নম্বৰতে কল কৰি জনাবা । বহুত আশাৰে ৰৈ আছো তোমালৈ ।যদি কিবা আপত্তি ও আছে কবা ।লগ নকৰাকৈ গুচি যাম । আজীৱন অপেক্ষা কৰিম তোমাৰ বাবে। সিদ্ধান্তত তোমাৰ হাতত বুলি ফোন কাটিলে অনিৰুদ্ধই।
অকনো লুকঢাক নকৰাকৈ অনিৰুদ্ধই কথাবোৰ এফালৰ পৰা কৈ গ’ল। তাৰ কথা বতৰাত সঁচাই এক সন্মোহনীয় গুন আছে। অনিৰুদ্ধৰ কথাই উপাৰ অভিমান বোৰ নিমিষতে মাদুৰি তুলাৰ দৰে উৰাই নিলে । এই মানুহজনক চোন তাইবেছি সময় খং  কৰি ও থাকিব নোৱাৰে । নাভাবো বুলি ও তাইৰ  মন সাগৰত এতিয়া অনিৰুদ্ধৰ অগাধ বিচৰণ। উপাৰ নিৰস জীৱনলৈ অনিৰুদ্ধই লৈ আনিছে ৰজনীগন্ধা সুৱাস। তাইৰ চৌপাশে বিয়পি পৰা ৰজনীগন্ধাৰ সু ঘ্ৰাণ বুকু ভৰি উজাই লৈ মধুৰ আবেসত চকু দুটা মুদি দিলে। দুচকুৰে বৈ আহিল দুধাৰি সুখৰ নিজৰা।অপেক্ষা মাথো এটি প্ৰানৱন্ত পুৱাৰ।