অপেক্ষাৰ শেষ ৰাতি
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
ৰিং কৰি কৰি ফোনটো অৱশেষত কাটি যায়। মেঘনাই আকৌ এবাৰ কল কৰে। নাই অন্য ফালৰ পৰা কোনো সহাঁৰি পোৱা নাই তাই। হয়তো কিবা কামত ব্যস্ত হৈ আছে বুলি নিজৰ মনটোক সান্ত্বনা দি তাই নিজৰ কামত ব্যস্ত হৈ পৰে। এইবোৰ ঘটনা যেন তাইৰ বাবে পৰিচিত হৈ আহিছে দিনক দিনে। কিন্তু কিয়?
এই “কিয় “টোৰ উত্তৰ বিচাৰি কেতিয়াবা তাই হাবাথুৰি খায়। কিন্তু প্ৰত্যেক বাৰে তাই নিজৰ অবুজ মনটোক নানান বাহানা দি বুজাই ৰাখে।
মাহেকীয়াৰ দ্বিতীয়টি দিনত মেঘনাই বিছনাত পৰি অকথ্য যন্ত্ৰণাত ছটফটাই আছে। ইউনিভাৰ্ছিটিলৈ যোৱাৰ শক্তিকণ তাইৰ শৰীৰত নাই। এই সময়ৰ পেটৰ বিষ আৰু তাৰ লগত যোগ দিছে ভোকৰ উৎপাত। দুয়োটাই মিলি তাইক নৰক যন্ত্ৰণা অনুভৱ কৰাইছে যেন। কিৎচেনলৈ গৈ কিবা এটা বনাই খোৱাৰো শক্তি নাই তাইৰ। পৰি আছে তাই বিছনাতে কুছি মূচি হৈ।
আবেলি প্ৰায় চাৰিমান বাজিছে। তাই নিজৰ ফোনটো বাৰে বাৰে চাই পঠিয়াইছে। হয়তোবা কল আহিছেই। ওহো, অহা নাই। তাই আকৌ এবাৰ আকাশৰ নম্বৰটোত কল লগালে। সি এইবাৰো নুঠালে। ৰিং হৈ হৈ এইবাৰো কাটি গ’ল। এবাৰ- দুবাৰ কৰি তাই পাঁচ বাৰ কল কৰিলে। প্ৰত্যেক বাৰতেই ৰিং হৈ হৈ কাটি গ’ল।
তাইৰ চকুৰে এজাক বৰষুণৰ চেঁচা পানী বৈ আহিল। সঁচাকৈয়ে তাই ইমান অদৰকাৰী নে কাৰোবাৰ জীৱনত? এক মিনিট সময় নুজুৰে নে তাইৰ বাবে ?
হয়তো হয়। তাইৰ প্ৰয়োজন নোহোৱা হৈ আহিছে আকাশৰ জীৱনত। চাৰিটাকৈ বছৰ কেৱল আকাশক মনে প্ৰাণে ভাল পোৱাৰ পাছতো এইয়াই প্ৰাপ্য আছিল নে তাইৰ? অৱহেলা আৰু অৱজ্ঞা?
ৰাতি ভাত কেইটামান খাই তাই বিছনাত পৰিল। এতিয়া নিশ্চয় আকাশৰ ব্যস্ততাৰ অন্ত পৰিব বুলি বৰ আশাৰে তাই ফোন কৰিলে। কিন্তু কোনো প্ৰত্যুত্তৰ নাপালে। দুখ মনেৰে শুই পৰে তাই। শিতানৰ গাৰোটো যেন লাহে লাহে তিতি আহিছে। আকাশৰ লগত তাইৰ প্ৰতিটো মধুৰ স্মৃতিয়ে তাইক আৱেগিক কৰি তুলিছে।
আগতে তাইৰ মাহেকীয়াৰ সময়ত যেন আকাশৰ মৰমবোৰ অলপ বেছিয়েই বাঢ়ি গৈছিল। তাইক চকলেট আনি দিছিল, ঘনে ঘনে ফোন কৰি খবৰ লৈছিল। সকলো কাম বাদ দি এবাৰ অন্ততঃ তাইৰ কাষলৈ আহিছিল। তাইক সুখী কৰিবলৈ নিজ হাতেৰে ৰান্ধিবলৈও চেষ্টা কৰিছিল। তাৰ এই যত্ন- আদৰবোৰ পায় মেঘনাই নিজৰ বিষ- যন্ত্ৰণা সকলো পাহৰি গৈছিল।
সকলো ঠিকেই আছিল। কিন্তু আকাশৰ সলনি হোৱা স্বভাৱ তাই যোৱা পাঁচ মাহ ধৰি অনুভৱ কৰিব পাৰিছিল। সি খিং খিঙীয়া হৈ যায় সৰু সৰু কথাতেই। বিৰক্ত হয় তাইৰ ওপৰত। তাতোকৈ ডাঙৰ কথা দিনক দিনে তাৰ ব্যস্ততাবোৰ বৃদ্ধি পাবলৈ ধৰিলে। ফোন কৰিলে ৰিছিৱ নকৰে আৰু যদিওঁ বহুত পলম কৰি কৰে তেতিয়াও তাৰ বাহানাৰ শেষ নাই।
মেঘনাই সকলো বুজি পায়। আকাশৰ জীৱনত তাইৰ প্ৰয়োজন নোহোৱা হৈ আহিছে বুলিও বুজি পায়। হয়তো অন্য কোনোবা আহি তাইৰ ঠাইখিনি দখল কৰিছে বুলিও মাজে মাজে সন্দেহ হয়। কিন্তু হৃদয়ক কেনেকৈ বুজাব তাই? মানিবই নোখোজে যে।
ৰাতি দেৰটা বাজিছে। তাইৰ টোপনি অহা নাই। বুকুটো গধুৰ অনুভৱ হ’বলৈ ধৰিছে। তাই যেন উশাহ লোৱাত অলপ কষ্ট পাইছে। এনে লাগিছে যেন প্ৰকাণ্ড শিল এচটা আনি কোনোবাই তাইৰ হৃদয়ৰ সোঁ- মাজত ৰাখি থৈ গৈছেহি। চকুৰে ধাৰাষাৰ বৰষুণ জাক নামি আহিছে। তাইৰ বহুত কষ্ট হৈ আছে। কোনোমতেই তাই সহ্য কৰিব পৰা নাই এই কষ্ট।
ভগৱানৰ নাম লৈ তাই আকাশলৈ আকৌ এবাৰ কল লগালে। স্পিকিং টু চামওৱান এল্ চ। তাইৰ মূৰৰ ওপৰত প্ৰকাণ্ড আকাশখন সহি পৰিল যেন। তাইৰ কলৰ উত্তৰ দিবলৈ সময় নোপোৱা সি ইমান ৰাতি কাৰ লগত কথা পাতি আছে?
তাই বাৰে বাৰে কল কৰি থাকিল। সি কল ৰিচিভ কৰি বিৰক্ত হৈ তাইক নানান কটু বাক্য শুনাই অপমান কৰি লগে লগে ব্লক কৰি দিলে।
ইমান দিনৰ মূৰত তাইৰ ওঁঠযুৰিত হাঁহি এমুঠি জিলিকি উঠিল । তাইৰ বুকুত থকা যন্ত্ৰণাখিনি যেন অলপ মান কমি আহিছে। তাই অৱশেষত” কিয় “ৰ উত্তৰ পায় গ’ল। ইমান দিনে তাই বিচাৰি থকা প্ৰশ্নৰ উত্তৰ পায় গ’ল।
আজি তাই মুক্ত। সম্পূৰ্ণভাৱে মুক্ত। এক মিছা সম্পৰ্কৰ বন্ধনৰ শিকলিৰ পৰা মুক্ত। কালিৰ পৰা তাই এটি নতুন অধ্যায় আৰম্ভ কৰিব পাৰিব। আকাশৰ অধ্যায়ৰ সমাপ্তিত তাই দুখি হ’ব লাগিছিল। কান্দিব লাগিছিল। কিন্তু তাই চকুৰে এটোপাল পানী ওলাই নাহিলে। হয়তো তাইৰ মগজুয়ে এনে এক পৰিস্থিতিৰ বাবে আগৰে পৰাই নিজকে প্ৰস্তুত কৰি তুলিছিল।