অপেক্ষাৰত – অৰ্ণৱ কটকী

অপেক্ষাৰত

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট 

উৰি যোৱা সময় সাৱটি ৰৈ আছোঁ আজিও
বেদনাসিক্ত মনত নীৰৱতা একুৰা জুই লৈ
পুৱাব নে সুখৰ ৰাতিপুৱা,
কলুষিত ধৰণীত উদ্ভাসিত হ’ব নে সেউজীয়া !
পৰশ লৈ উপস্থিতিৰ হাঁহিব নে আকৌ
ৰচিব নে সেউজী সপোন।
চকুৰ লোতকত প্ৰস্ফুটিত হওঁক নৱ নৱ অংকুৰ বীজৰ
হেঁপাহে উমলা নিৰ্জন দুপৰীয়া আশাই প্ৰদীপ জ্বলাম ।।
ঠেৰেঙা শীত কিম্বা প্ৰখৰ তাপত
জিলমিল জোনাকৰ এজাক বৰষুণত ।
মন যায় গাবলৈ জীৱন জীয়োৱাৰ সুস্পষ্ট মন্ত্ৰ
সেউজীয়া প্ৰাণ লৈ সজাম তোমাক, শুকুলা মেঘে উপচাম হিয়া
পাৰাপাৰহীন ভৰা নদীৰ বুকুত জাজ অনাৰ দৰে
মোৰো বুকুত নামিছে বিষাদ বসন্তৰে ধল
হেৰুৱায় অহা সেই স্মৃতি কাতৰ,
জগত নিজিনিলেও বুকুত শিপাম
তপ্ত ৰক্ত হৈ ধমনীত সোমাম,
নীল আকাশী চাদৰে তোমাক আৱৰি
সেউজীয়া দিম বিলাই, মানস কৰিম ধুনীয়া হোৱাৰ, হাঁহি বিৰিঙাই।।