অপাৰেচন সেন্দুৰ – মিতালি বৰঠাকুৰ

অপাৰেচন সেন্দুৰ

মিতালি বৰঠাকুৰ,গুৱাহাটী

 প্ৰতি গৰাকী ভাৰতীয় সধবা নাৰীৰ স্বাভিমান
শিৰৰ ৰঙা সেন্দুৰ
য’ত জোন জ্বলা আকাশৰ দৰে
জিলিকি থাকে প্ৰেম , ভালপোৱা আৰু
বিশ্বাসৰ অবিস্মৰণীয় ৰং।
সেন্দুৰৰ ৰঙতে বিন্দুতে সিন্ধুৰ দৰে
প্ৰতিফলিত হয় নাৰীৰ জীৱনৰ
সৌম্য ,শান্ত আৰু শক্তিৰ
এমুঠি হেঁপাহৰ আছুতীয়া ৰং।
যাক কোনো অশুভ শক্তিয়ে
নাশ কৰিব নোৱাৰে ।
যাৰ বাবে আজি হাজাৰ ভাৰতীয়ই
নাৰীৰ সেন্দুৰক ময্যদা  দিবলৈ
বীৰদৰ্পে ওলাই আহিছে
শত্ৰুক পৰাভূত কৰিবলৈ।
যাৰ বাবে আজি সীমান্তৰ ৰণ দুন্দুভীত
বাজি উঠিছে অপাৰেচন সেন্দুৰ ।