‘অপাৰেচন সেন্দুৰ’ৰ অধীনত সন্ত্ৰাসবাদীৰ আত্মগোপনস্থলীত ভাৰতীয় সেনাৰ আক্ৰমণ প্ৰশংসনীয়: এবিভিপি
ভাৰতীয় সেনাৰ এই অভিযান দেশৰ গৌৰৱ আৰু বীৰত্বৰ প্ৰতীক: এবিভিপি
ৰঙিলী বাৰ্ত্তাসেৱা-পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তানে দখল কৰা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতীয় সেনাই কৰা নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আদৰণি জনাইছে। এবিভিপিয়ে বিশ্বাস কৰে যে ‘অপাৰেচন সেন্দুৰ’ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ প্ৰতীক, এই অভিযানে স্পষ্ট কৰি দিয়ে যে ভাৰতে কোনো কাৰণতে নিজৰ নাগৰিকৰ সুৰক্ষা আৰু জাতিৰ মৰ্যাদাৰ ক্ষেত্ৰত আপোচ নকৰে। এই অভিযানৰ অধীনত সেনাই সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদীৰ ঘাটিসমূহক লক্ষ্য কৰি ধ্বংস কৰে, যিটো কেৱল প্ৰতিশোধমূলক কাৰ্য্যই নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় সংকল্পৰ প্ৰমাণো। এবিভিপি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে “ভাৰতীয় সেনাৰ অপাৰেচন সেন্দুৰে ভাৰতে কোনো কাৰণতে সন্ত্ৰাসবাদ আৰু জেহাদী উন্মাদনা সহ্য নকৰে বুলি প্ৰমাণ কৰিছে। আমাৰ সেনাবাহিনীক লৈ আমি গৌৰৱান্বিত। যিয়ে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ দুৰ্গ ধ্বংস কৰি দেশবাসীৰ মনোবল বৃদ্ধি কৰিছে। ভাৰতীয় সেনাৰ এই ঐতিহাসিক অভিযানক এবিভিপিয়ে অতিশয় শলাগ লৈছে৷ ভাৰত মা কী জয়।