অপাৰেচন সিন্দূৰৰ সফলতাৰ তথ্য দিলে ভাৰতীয় সেনাই
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত-পাকিস্তানে যুদ্ধবিৰতিৰ প্ৰতি সহমত পোষণ কৰাৰ এদিন পিছত পুনৰ বিদেশ মন্ত্রণালয়ে এক সংবাদ মেলত ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ তৰফৰ পৰা ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত যাৱতীয় তথ্য সদৰী কৰে। এই সংবাদ মেলৰ পূৰ্বে বায়ুসেনাৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে ‘অপাৰেচন সিন্দূৰ’ শেষ হোৱা নাই। সন্ত্রাসবাদীৰ বিৰুদ্ধে এই অভিযান চলি আছে আৰু চলি থাকিব। লক্ষণীয় যে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা যুদ্ধবিৰতি চলিলেও সন্ত্রাসবাদ দমন-অভিযান বন্ধ নহ’ব বুলি স্পষ্ট কৰি দিয়া হয়। ইয়াৰ পিছতে বিয়লি অনুষ্ঠিত সংবাদ মেলত সেনাৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে ৭মে’ৰ নিশা পাকিস্তানৰ মূল ভূখণ্ডৰ চাৰি আৰু পাক অধিকৃত কাশ্মীৰৰ পাঁচ মুঠ ৯ স্থানৰ সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰা হয়। ‘অপাৰেচন সিন্দূৰ’ত শতাধিক সন্ত্রাসবাদী নিহত হোৱা বুলি সংবাদ মেলত স্পষ্ট কৰি দিয়ে তিনিওটা বাহিনীৰ সেনা বিষয়া আৰু ডিৰেক্টৰ জেনেৰেল অৱ মিলিটেৰী অপাৰেচনছ (ডিজিএমঅ’)-এ। সংবাদ মেলত কোৱা হয় যে ‘অপাৰেচন সিন্দূৰ’ৰ মূল লক্ষ্য আছিল সন্ত্রাসবাদীৰ শিবিৰ ধ্বংস কৰা। পৰিকল্পনা অনুসৰি এই শিবিৰ ধ্বংস কৰিছে ভাৰতে। লক্ষণীয়ভাৱে এই সংবাদ মেলতে স্পষ্ট কৰি দিয়া হয় যে ভাৰত আৰু পাকিস্তানৰ মাজত ডিজিএমঅ’ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। ডিজিএমঅ’ স্তৰৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। অৱশ্যে সংবাদ মেলত এই বৈঠকত আলোচ্য বিষয় সন্দর্ভত কোনোধৰণৰ বক্তব্য আগবঢ়োৱা হোৱা নাই। মূলতঃ সিন্ধু জল চুক্তি আৰু কাশ্মীৰ সমস্যাক লৈ পাকিস্তানে ভাৰতৰ সৈতে বৈঠকত মিলিত হোৱাৰ চেষ্টা চলাব পাৰে বুলি ধাৰণা কৰিছে বিদেশ মন্ত্রণালয়ে। লক্ষণীয়ভাবে এই সংবাদ মেলৰ পূৰ্বে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তিনি সেনাপ্রধানৰ উপৰি সেনা সর্বাধিনায়ক অনিল চৌহান, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু নিৰাপত্তা উপদেষ্টা অজিত ডোভাল এক বৈঠকত মিলিত হয়। অৱশ্যে এই বৈঠকৰ সবিশেষ তথ্য পোহৰলৈ অহা নাই। সংবাদ মেলত ডিজিএমঅ’ লেফটেনেন্ট জেনেৰেল ৰাজীৱ ঘায়ে উল্লেখ কৰে যে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (পিঅ’কে)ৰ ৯টা সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰা হৈছে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে। ৰাজীৱ ঘায়ে দাবী কৰা অনুসৰি এই অভিযানত শতাধিক সন্ত্রাসবাদী নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে কান্দাহাৰ বিমান অপহৰণৰ মূল অভিযুক্ত আৰু পুলৱামা আক্রমণত জড়িত সন্ত্রাসবাদীও। ৭ মে’ৰ নিশা কেনেদৰে ভাৰতৰ বায়ুসেনাই অভিযান চলাইছিল, সেয়া ব্যাখ্যা কৰে এয়াৰ মার্শ্বেল এ কে ভাৰতীয়ে। বিষয়াগৰাকীয়ে বাহৱালপুৰত সন্ত্রাসবাদীৰ শিবিৰ ধ্বংসৰ ছবি প্ৰদৰ্শন কৰে সাংবাদিকসকলক। ইয়াৰ উপৰি মুৰিডকে সন্ত্রাসবাদী ঘাটিৰ পৰৱৰ্তী দৃশ্যও প্রকাশ কৰা হয়। মূলতঃ সন্ত্রাসবাদীৰ প্ৰশিক্ষণ শিবিৰবোৰক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছিল বুলি মন্তব্য কৰে ভাৰতীয়ে। প্রশিক্ষণ শিবিৰত বোমাবর্ষণ কৰা হৈছিল। স্মৰ্তব্য যে এই শিবিৰত আছিল লস্কৰ সন্ত্রাসবাদী। ইফালে ৰাজীৱ ঘায়ে উল্লেখ কৰে যে পাকিস্তানে নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰি জনবসতিপূর্ণ গাঁও আৰু গুৰুদ্বাৰৰ দৰে ধর্মীয় স্থানত আঘাত হনাৰ চেষ্টা কৰিছিল। ৯-১০ মে’ৰ নিশা ভাৰতীয় আকাশী সীমাত ড্রোন আৰু বিমান প্রৱেশ কৰিছিল পাকিস্তানত। সামৰিক ঘাটিত আক্ৰমণৰ চেষ্টা চলাইছিল যদিও পাক সেনাৰ এই চেষ্টা ব্যর্থ কৰে ভাৰতীয় সেনাই। ভাৰতৰ আক্ৰমণত ৩৫-৪০জন পাক সেনাৰ মৃত্যু হোৱা বুলিও সংবাদ মেলত উল্লেখ কৰা হয়।