‘অপাৰেচন সিন্দূৰ’লৈ পূৰ্ণ সমৰ্থন অসম জাতীয় পৰিষদৰ

Pc Wikipedia

‘অপাৰেচন সিন্দূৰ’লৈ পূৰ্ণ সমৰ্থন অসম জাতীয় পৰিষদৰ
দেশৰ সেনাবাহিনীৰ ওপৰত আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, ভাৰতীয় সেনাক লৈ আমি গৰ্বিত: লুৰীণজ্যোতি গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগাম নৰসংহাৰৰ পাছত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰা সামৰিক অভিযান ‘অপাৰেচন সিন্দূৰ’লৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদে৷ এক প্ৰেছ বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে আৰম্ভ হোৱা সন্ত্ৰাসবাদ বিৰোধী এই যুঁজত আমি আমাৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ৷ দেশৰ সেনাবাহিনীৰ ওপৰত আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে৷ ভাৰতীয় সেনাক লৈ আমি গৰ্বিত।’গগৈ আৰু ভূঞাই কয়, ‘আমি ভাৰতীয় সেনাৰ লগত আছোঁ৷ ভাৰতৰ সেনা জোৱানসকলক এই দুৰ্দমনীয় অভিযানৰ বাবে সাহস যাচিছোঁ আৰু অভিনন্দন জনাইছোঁ৷ পাকিস্তানক সমুলঞ্চে প্ৰত্যুত্তৰ দিয়াৰ এয়াই উপযুক্ত সময়৷ জয় হিন্দ৷’