অপাৰেচন সিন্দূৰত ভাৰতীয় সেনাৰ পৰাক্ৰমক লৈ সন্দেহ গৌৰৱ গগৈৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সন্ত্রাসবাদৰ পৃষ্ঠপোষক চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক অপাৰেচন সিন্দূৰৰ জৰিয়তে যোগ্য প্রত্যুত্তৰ দিয়া ভাৰতীয় সেনা বাহিনীৰ সাহস-শৌর্য-বীর্য-পৰাক্ৰমক লৈ সন্দেহ আছে যোৰহাটৰ সাংসদ তথা লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি গৌৰৱ গগৈৰ। এই কথা কার্যতঃ প্রতীয়মান হ’ল লোকসভাৰ মজিয়াত। অপাৰেচন সিন্দুৰক লৈ পূর্বনির্ধাৰিত কাৰ্যসূচী অনুসৰি হোৱা বিশেষ আলোচনাকালত লোকসভাত আগবঢ়োৱা বক্তব্যত সাংসদ গগৈয়ে এবাৰলৈও ভাৰতীয় সেনাৰ সাহসিকতাৰ প্ৰশংসা নকৰাৰ অভিযোগ উত্থাপন হৈছে। লক্ষণীয়ভাবে এই অভিযোগ উত্থাপন কৰিছে খোদ কেন্দ্রীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে। কেন্দ্রীয় মন্ত্রী সিঙে সাংসদ গগৈক উভতি ধৰি কয় যে গৌৰৱ গগৈয়ে অপাৰেচন সিন্দূৰৰ সময়ছোৱাত ভাৰতীয় সেনাৰ কেনেধৰণৰ ক্ষতি হৈছে, সেই সন্দর্ভত বহু কথাই কৈছে। কিন্তু তেওঁ ভাৰতীয় সেনাৰ সাহসিকতাৰ বিষয়ত এটা শব্দও নক’লে। আনকি পাকিস্তানৰ বিষয়তো তেওঁ মন্তব্য কৰাৰ পৰা বিৰত থাকিল। কংগ্ৰেছ তথা বিৰোধী শিবিৰক উদ্দেশ্যি তেওঁ পুনৰ কয় যে আপোনালোকে ভোটৰ ৰাজনীতি কৰক, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ কল্যাণৰ হকে কাম কৰি যাব। সাংসদ গৌৰৱ গগৈৰ বিৰোধীক কটাক্ষ কৰি এই প্ৰসংগত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও তাৎপর্যপূর্ণ মন্তব্য কৰে। তেওঁ কয় যে বিৰোধী শিবিৰে উত্থাপন কৰা প্ৰশ্নসমূহে দেশৰ স্বাৰ্থক মুঠেও প্রতিফলিত কৰা নাই। কিমান অস্ত্র বা যুদ্ধ বিমান ধ্বংস হ’ল, সেই প্রশ্ন নকৰি বিৰোধীয়ে সন্ত্রাসবাদীৰ ঘাটিসমূহ সফলতাৰে ভাৰতীয় সেনাই মষিমূৰ কৰিবলৈ সক্ষম হৈছে নে নাই তাৰ বিষয়ে জানিব বিচৰাটোহে উচিত আছিল। উল্লেখ্য যে উত্তাল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দুবাৰ সদনৰ কাম-কাজ স্থগিত ৰখাৰ পাছত আজি দিনৰ ২ বজাৰ পৰা অপাৰেচন সিন্দূৰক লৈ বিশেষ আলোচনা অনুষ্ঠিত হয় লোকসভাত। কাইলৈ এই বিষয়ত ৰাজ্যসভাত আলোচনা হোৱাৰ কথা। সাংসদ গগৈয়ে বক্তব্য ৰাখি কয় যে ইতিমধ্যে ১০০ দিন পাৰ হৈ গ’ল। কিন্তু চৰকাৰে পেহেলগামৰ নৰহত্যাত জড়িত ৫ সন্ত্রাসবাদীক আজিলৈকে ধৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রীয়ে দায়িত্ব লোৱা উচিত। চৰকাৰৰ তৰফৰ পৰাই কোৱা হৈছে- পাকিস্তানে পুনৰ আক্ৰমণ চলাব পাৰে। যদি সেয়াই হয়, অপাৰেচন সিন্দুৰ কিদৰে সফল হ’ল? আমি কিয় পাক অধিকৃত কাশ্মীৰ হস্তগত কৰিবলৈ চেষ্টা কৰা নাই? কিয় ৰাফেল যুদ্ধ বিমান ধ্বংস হ’ল? ইয়াৰ উত্তৰ চৰকাৰে দিয়ক। অপাৰেচন সিন্দূৰক লৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে যি ভাষ্য ৰাখিছে, সেয়াই আজি লোকসভাত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্ৰী সিঙে দোহৰা বুলিও তেওঁ মন্তব্য কৰে। তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ মধ্যস্থতাত বিষয়টোও উত্থাপন কৰে সাংসদ গগৈয়ে। এই প্রসংগত তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে তেওঁৰ মধ্যস্থতাতেই ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সম্ভৱ হোৱাৰ কথা ২৬বাৰ কৈছে। লগতে পাঁচখন যুদ্ধ বিমান ধ্বংস হোৱাৰ কথাও উল্লেখ কৰিছে তেওঁ। অৱশ্যে কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্রী সিঙে এনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দাঙি ধৰে লোকসভাৰ মজিয়াত। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙে দাবী কৰা মতে ভাৰতৰ লক্ষ্য পূৰণ হোৱাৰ লগে লগে অপাৰেচন সিন্দূৰ বন্ধ কৰি দিয়া হৈছে। পাকিস্তানে বায়ু সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ পাছতে পৰাজয় স্বীকাৰ কৰিছে ভাৰতৰ ওচৰত। ভৱিষ্যতে যদি পুনৰ এনে ঘটনা সংঘটিত হয় তেন্তে অভিযান আৰম্ভ কৰা হ’ব। সমান্তৰালভাৱে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী সিঙে অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ভাৰতীয় বীৰ সেনাৰ কোনোধৰণৰ ক্ষতি নোহোৱা বুলিও স্পষ্ট কৰি দিয়ে।