অপাৰেচন সিন্দূৰত পাকিস্তানৰ ক্ষতিৰ তথ্য দিলে বায়ুসেনাৰ মুৰব্বী অমৰপ্ৰীত সিঙে

অপাৰেচন সিন্দূৰত পাকিস্তানৰ ক্ষতিৰ তথ্য দিলে বায়ুসেনাৰ মুৰব্বী অমৰপ্ৰীত সিঙে

ৰঙিলী বাৰ্ত্তাসেৱা- অপাৰেচন সিন্দূৰেৰে বালাকোট এয়াৰ ষ্ট্ৰাইকত পাকিস্তানৰ বিস্তৰ ক্ষয়-ক্ষতিৰ তথ্য দাঙি ধৰিলে বায়ুসেনাৰ মুৰব্বী মাৰ্ছাল অমৰপ্ৰীত সিঙে। ভাৰতীয় সশস্ত্র বাহিনীয়ে অপাৰেচন সিন্দূৰত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত শতাধিক সন্ত্রাসবাদীক হত্যা কৰাৰ লগতে ঘাটি বিনষ্ট কৰাৰ উপৰি চিৰবৈৰী ৰাষ্ট্ৰখনৰ বিস্তৰ সামৰিক ক্ষতিৰ তথ্য দাঙি ধৰে মাৰ্ছাল অমৰপ্ৰীত সিঙে। বেংগালুৰুত ষষ্ঠদশ এয়াৰ চীফ মাৰ্ছাল এল এম কাটে স্মাৰক বক্তৃতা অনুষ্ঠানত অংশ লৈ মার্ছাল সিঙে বালাকোট এয়াৰ ষ্ট্ৰাইকৰ প্ৰসংগৰে অপাৰেচন সিন্দূৰৰ ব্যাখ্যা আগবঢ়ায়। মাৰ্ছাল সিঙে কয়- ২০১৯ চনত বালাকোট এয়াৰ ষ্ট্ৰাইকৰ সময়ত পাকিস্তানৰ ভিতৰৰ পৰা আমি বিশেষ সাক্ষ্য লাভ কৰিব নোৱাৰিলোঁ। যিটো আমাৰ নিজৰ জনতাক ক’বলৈ ডাঙৰ বিষয় হৈ থাকিল। আমি লাভ কৰা সফলতাৰ বিষয়েও ক’ব নোৱাৰিলোঁ। আমাৰ চোৰাংচোৱাই এই কথা নিশ্চিত কৰিছিল যে সন্ত্রাসবাদীৰ বৃহৎ ক্ষতি হোৱাৰ লগতে বহু সন্ত্রাসবাদী নিহত হৈছিল। কিন্তু আমি আমাৰ জনতাক বিশ্বাস যোগাব নোৱাৰিলোঁ। ইপিনে অপাৰেচন সিন্দুৰৰ সফলতা আমাৰ দৃশ্যমান হৈ আছে বুলি উল্লেখ কৰি মাৰ্ছাল সিঙে কয়-মই অতি সুখী যে বালাকোটৰ ভূতক অপাৰেচন সিন্দুৰেৰে সমাধিস্থ কৰিবলৈ সক্ষম হ’লোঁ। আমি লাভ কৰা সফলতা বিশ্বক জনাব পাৰিলোঁ। অপাৰেচন সিন্দূৰত পাকিস্তানী সামৰিক বাহিনীৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ তথ্যও আমি দেশৰ জনতাৰ লগতে বিশ্বক জনাব পাৰিলোঁ। পেহেলগামত পাক সন্ত্রাসবাদীৰ আক্ৰমণৰ প্ৰত্যাঘাত হিচাপে ভাৰতীয় সশস্ত্ৰ সেনাই চলোৱা অপাৰেচন সিন্দূৰৰ সময়ত বায়ুসেনা বাহিনীয়ে পাকিস্তানৰ ৫খন যুদ্ধবিমান বিধ্বস্ত কৰাৰ লগতে এখন বৃহৎ বিমান ধ্বংস কৰিছে বুলি কয় মাছাল সিঙে। সশস্ত্র বাহিনীয়ে পাকিস্তান আৰু পিঅ’কেত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ঘাটিত আক্রমণ চলাই জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীনৰ এশতকৈ অধিক সন্ত্রাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছে বুলি কয় মার্জাল সিঙে। ইপিনে ভাৰতীয় সেনাৰ পৰাক্ৰমত পাকিস্তানী সামৰিক বাহিনীৰ মুৰিড আৰু ছাকলালাৰ দুটা কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিস্তৰ ক্ষতিসাধন হোৱা বুলি উল্লেখ কৰি মাৰ্ছাল সিঙে পাকিস্তানৰ ক্ষয়-ক্ষতিৰ তথ্য দাঙি ধৰে। ভাৰতৰ আক্ৰমণত পাকিস্তানৰ অতিকমেও ৬টা ক্ষুদ্ৰ আৰু বৃহৎ ৰাডাৰ ধ্বংস হৈছে।  তেনেদৰে লাহোৰ আৰু ওকাৰাত দুটা স্থলৰ পৰা আকাশলৈ নিক্ষেপিত অস্ত্র ব্যৱস্থা (এছএজিডব্লিউ) ধ্বংস হৈছে, তিনিটা হেংগাৰ বিশেষকৈ চুকুৰ ইউএভি হেংগাৰ, ভোলাৰী হেংগাৰ আৰু জেকোবাবাদ এফ-১৬ হেংগাৰৰ ক্ষতি হৈছে। তদুপৰি অতিকমেও এখন এইডব্লিউ/এণ্ড চি বিমান আৰু বহুকেইখন এফ ১৬ বিমানৰ ক্ষতি হৈ বৰ্তমান মেৰামতিত আছে। তদুপৰি ছেহৱাজ, জেকোবাবাদ এয়াৰফিল্ডো ভাৰতৰ আক্ৰমণত বিধ্বস্ত হৈছে বুলি কয় মাৰ্ছাল সিঙে। এই এয়াৰফিল্ডত পাকিস্তানী বায়ুসেনা বাহিনীৰ এফ ১৬ যুদ্ধবিমান মজুত ৰখা হয়। ভাৰতৰ এই আক্রমণত এছ-৪০০ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সঠিকভাৱে কার্যক্ষম হৈ শত্রুপক্ষক প্রতিহত কৰা বুলিও এই ব্যৱস্থাক লৈ সন্তুষ্টি ব্যক্ত কৰে মাৰ্ছাল সিঙে। বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে মুৰিডকেৰ লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ৰ ছবি অপাৰেচন সিন্দুৰৰ পূৰ্বৰ আৰু পাছৰ তথ্য দাঙি ধৰে। এই তথ্য কেৱল কৃত্রিম উপগ্ৰহৰেই নহয়, পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ আলোকচিত্ৰ বুলিও কয় মাৰ্ছাল সিঙে। আপৰেচন সিন্দুৰৰ সফলতাক লৈ বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে ভাৰতৰ ৰাজনৈতিক নেতৃত্বকো প্রশংসা কৰে।