‘অপাৰেচন সিন্দুৰ’ৰ সফলতাৰ বিষয়ে ৰাষ্ট্ৰপতিক ব্যাখ্যা কৰিলে প্রধানমন্ত্রীয়ে

‘অপাৰেচন সিন্দুৰ’ৰ সফলতাৰ বিষয়ে ৰাষ্ট্ৰপতিক ব্যাখ্যা কৰিলে প্রধানমন্ত্রীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-   মঙলবাৰে মাজনিশা তিনি সেনাই যৌথভাৱে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ঘাটি আৰু শিবিৰত বিমানেৰে চলোৱা সফল অভিযান ‘অপাৰেচন সিন্দুৰ’ৰ বিষয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় সেনাৰ সফলতাৰ বিষয়ে অৱগত কৰে। উল্লেখ্য যে যোৱা ২২ এপ্রিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্ৰতিশোধ হিচাপে বুধবাৰে নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ ঘাটিত মিছাইলেৰে আক্ৰমণ কৰি বিধ্বস্ত কৰে। এই সন্দৰ্ভত প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক সবিশেষ অৱগত কৰে। ইপিনে কেন্দ্রীয় কেবিনেটতো প্রধানমন্ত্রী মোদীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ সফলতা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। কেন্দ্রীয় কেবিনেটত প্রধানমন্ত্রী মোদীয়ে পাকিস্তান আৰু পিঅ’কেৰ সন্ত্রাসবাদীৰ ঘাটিত সেনাই নির্ভুল অভিযান চলাইছিল বুলি উল্লেখ কৰি সেনাৰ এই সফলতাক দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে। মন কৰিবলগীয়া যে প্রধানমন্ত্রী মোদীয়ে অপাৰেচন সিন্দুৰ গোটেই নিশা নিৰীক্ষণ কৰিছিল। সেই সফল অভিযানৰ পাছত কেন্দ্রীয় কেবিনেটত অভিযান সম্পর্কত প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতীয় সেনাই পৰিকল্পিত প্রস্তুতিৰে নির্ভুল অভিযান সামৰিছে। ভাৰতীয় সেনাৰ এই সফলতাক প্রধানমন্ত্রীয়ে ভূয়সী প্রশংসাও কৰে। স্থল-জল আৰু বায়ুসেনাই যৌথভাৱে এই অভিযান চলাইছে। প্রধানমন্ত্রী মোদীয়ে অভিযান সন্দর্ভত ব্যাখ্যা আগবঢ়োৱাৰ পাছত কেন্দ্রীয় কেবিনেট মন্ত্রীসকলে প্রধানমন্ত্রী মোদীৰ নেতৃত্বৰ ওপৰত পূৰ্ণ আস্থা আছে বুলি মন্তব্য কৰে। সমগ্র দেশেই প্রধানমন্ত্রী মোদীৰ সৈতে আছে বুলিও কয় কেবিনেট মন্ত্রীসকলে।